বিশ্বনাথত চাঞ্চল্য : গাঁতৰ পৰা উলিয়ালে মৃতদেহ

local_news

বিশ্বনাথত ৫ মাহ পূৰ্বে সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । নিজ ককায়েক আৰু ভনী জোৱায়েকে হত্যা কৰি পুতি থলে এজনক । স্থান বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ শান্তিপুৰ । জানুৱাৰী মাহত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড । দীপক তাচা আৰু দ্বিপেন তাচা সম্পৰ্কত আছিল ভাই-ককাই । দীপক আৰু ভনী জোঁৱাই সুদৰ্শন তাচাই ভাতৃ দ্বীপেন তাচাক নিজ গৃহতে কোনো নথকা অবস্থাত ডিঙি চেপি নৃশংসভাবে হত্যা কৰি সমীপতে থকা দিৰিং নদীৰ পাৰত পুতি থয় । হত্যাকাৰী দীপক তাচা আৰু জোঁৱায়েক সুদৰ্শন তাচাৰ মতে, মৃত দ্বিপেন তাচাই প্ৰতিদিনে সুৰাপান কৰি ঘৰত মাক-বাপেকক মাৰধৰ কৰি ঘৰখনত সন্ত্ৰাস সৃষ্টি কৰি সকলোকে অতিষ্ঠ কৰি ৰাখিছিল । ঘটনাৰ দিনা তেওঁলোকৰ মাক-বাপেকৰ বেমাৰ হোৱাত চিকিৎসালয়ত ভৰ্তি হৈ আছিল ।

আনহাতে, হত্যাকাৰী দীপক তাচাৰ পত্নী ৰীতা তাচাই মাক-বাপেকক ভাত দিবলৈ যাওঁতেই দুই ভাতৃৰ মাজত পূৰ্বৰ দৰেই কাজিয়াৰ সূত্ৰপাত ঘটে । সেই কাজিয়াত তেওঁলোকৰ ভনী জোঁৱাই আৰু দীপক তাচাই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দ্বীপেন তাচাক ডিঙি চেপি হত্যা কৰে। । ইয়াৰ পিছত মৃতদেহটো সমীপতে থকা দিৰিং নদীৰ পাৰত পুতি থয় ।

আনহাতে, ঘৰৰ আন সদস্যই দ্বিপেন তাচাৰ অনুপস্থিতি গুৰুত্বসহকাৰে গ্ৰহণ কৰা নাছিল । কাৰণ মৃত দ্বীপেনে পূৰ্বেও ঘৰত কাকো অৱগত নকৰাকৈয়ে অসমৰ বাহিৰত কৰ্মৰ বাবে কেইবাবাৰো গুচি গৈছিল । কিন্তু এই কথা লাহে লাহে হত্যাকাৰী দীপকৰ পত্নী ৰীতা তাচাই গম পায় ৷ অৱশেষত কালি দীপক আৰু ৰীতাৰ মাজত হোৱা কাজিয়া ভাঙিবলৈ যোৱা গাঁৱৰ ৰাইজৰ আগত সকলো কথা বিৱৰি কোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । গাঁৱৰ ৰাইজৰ তথ্যৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে ইতিমধ্যে দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখাৰ লগতে দণ্ডাধীশৰ উপস্হিতিত মৃতদেহটো মাটিৰ পৰা খান্দি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । এই ঘটনাই সমগ্ৰ বিশ্বনাথতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Your Comments