গহপুৰৰ বিধায়ক উৎপল বৰাৰ জনহিতকৰ পদক্ষেপ

গহপুৰৰ বিধায়ক উৎপল বৰাৰ জনহিতকৰ পদক্ষেপ

গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই যাতায়াতৰ অনুপযোগী একাংশ বাট-পথত নিজাববীয়াকৈ শিল-বালি পেলাই যাতায়াতৰ উপযোগী কৰি তুলিবলৈ প্ৰয়াস কৰা দেখা গৈছে ।

গহপুৰৰ বিধায়ক উৎপল বৰাৰ জনহিতকৰ পদক্ষেপ

কেৱল চৰকাৰী আঁচনিৰ ধনলৈ বাট নাচাই জনপ্ৰতিনিধিগৰাকীয়ে অব্যাহত ৰখা এই ব্যতিক্ৰমী প্ৰয়াসক সচেতন ৰাইজে শলাগ লৈছে । ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়ালৈকে জনপ্ৰতিনিধিগৰাকীয়ে ব্যক্তিগতভাৱে প্ৰায় ৯ লাখ টকাৰ শিল-বালি পেলাই পথসমূহ যাতায়াতৰ উপযোগী কৰি তুলিছে বুলি জানিব পৰা গৈছে ।

গহপুৰৰ বিধায়ক উৎপল বৰাৰ জনহিতকৰ পদক্ষেপ

শেহতীয়াকৈ গহপুৰ চাহ বাগিচাৰ মাজেৰে লাউদাঙি সংযোগী পথ আৰু ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ (মাগনী)ৰ পৰা ননকে মাগনী সংযোগী পথলৈ যোৱা বিধ্বস্ত পথ দুটাও জনপ্ৰতিনিধিগৰাকীয়ে যাতায়াতৰ উপযোগী কৰিবলৈ শিল-বালি পেলাই গাঁতসমূহ পুতি সমান কৰি দিছে ।

Your Comments