মাজুলীত নৱজিৎসিং সিদ্ধুৰ প্ৰতিকৃতি দাহ যুৱ মৰ্চাৰঃ

protest

পাঞ্জাৱ চৰকাৰৰ মন্ত্ৰী নৱজিৎ সিং  সিদ্ধুৰ পাকিস্তান ভ্রমণৰ প্ৰতিবাদত গড়মূৰ সদৰ তিনিআলিত কালি দিনৰ ১২.৩০ বজাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। পঞ্জাৱৰ মন্ত্ৰীগৰাকীৰ পুত্তলিকা  দাহ কৰি নৱজিৎ সিং সিদ্ধু হায় হায়, চিৰবৈৰী পাকিস্তানৰ লগত মিতিৰালি নচলিব, আদি বিভিন্ন শ্লগানেৰে গড়মূৰ তিনিআলিৰ ৰাজপথৰ আকাশ বতাহ কপাই তোলে সংগঠনটোৰ কার্যকর্তাসকলে ৷

উল্লেখ্য যে ভাৰত ৰাষ্ট্ৰৰ ভূখণ্ডৰ  প্ৰতি সদায়েই কূট কৌশল কৰি অহা তথা  সন্ত্ৰাসবাদী শক্তিক সদায়েই সমৰ্থন কৰি অহা পাকিস্তানত উপস্হিত হৈ  প্ৰধানমন্ত্ৰী  ইমৰান খানৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল৷ চিৰবৈৰী ৰাষ্ট্ৰখনৰ সেনাপ্ৰধানৰ লগত আলিঙ্গন  কৰা কথাটোয়েও বিতৰ্ক সৃষ্টি কৰিছিল।  সিদ্ধুৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্র ক্ষোভ প্ৰকাশ কৰি মাজুলী জিলা যুৱ মৰ্চাৰ সভাপতি ৰঞ্জন মহন্তৰ নেতৃত্বত বিজেপিৰ মাজুলী জিলাৰ সভাপতি দীপক গোস্বামী, সাধাৰণ সম্পাদক নিতুল নাথ, অবিচি মৰ্চাৰ সভাপতি বিমান হাজৰিকা, অনুসুচিত জাতি মৰ্চাৰ সাধাৰন সম্পাদক অজয় দাসৰ লগতে  বহুকেইজন জিলা তথা মণ্ডলৰ  যুৱ কাৰ্যকৰ্তাসকলে  উপস্হিত থাকি এই প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments