লখিমপুৰত গাঁও উন্নয়ন সমিতিয়ে মেৰামতি কৰিলে পথ

লখিমপুৰত১গাঁও১উন্নয়ন১সমিতিয়ে১মেৰামতি১কৰিলে১পথ

জৰুৰীকালীন সময়ত ৰোগীক ঠেলা তথা সাঙীৰে নিয়া আদি বিভিন্ন ঘটনাৰে অসমৰ যাতায়াত-যোগাযোগ ব্যৱস্হাৰ প্ৰকৃত ছবিখন উন্মোচিত কৰা লখিমপুৰৰ উজনি কুলামুৱা মৰলীয়া ঘাট সংযোগী পথৰ কদৰ্য অৱস্হা দূৰ কৰাৰ বাবে আজি উজনি কুলামুৱা গাঁও উন্নয়ন সমিতিয়ে মেৰামতি কৰে ।

উল্লেখ্য যে চৰকাৰৰ বিভিন্ন বিভাগ তথা লখিমপুৰ জিলা প্ৰশাসনে লোহিত খাবলু অঞ্চলৰ বাট-পথ উন্নয়নৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্রেক্ষিতত এজাক বৰষুণতে পথছোৱা বোকাময় পৰিৱেশত কদৰ্য হৈ পৰা কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি উজনি কুলামুৱা গাঁও উন্নয়ন সমিতি আৰু যুৱক সংঘই যৌথভাৱে ট্ৰেক্টৰেৰে প্ৰায় দুই কিলমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত মাটি পেলাই পথচাৰীৰ বাবে যাতায়াতৰ উপযোগী কৰি তোলে ।

ইপিনে দেশে স্বাধীনতা লাভৰ ৭২টা বছৰ অতিক্রম হোৱাৰ পিছতো মাজুলী সীমান্তৱৰ্তী জিলা লখিমপুৰ লোহিত খাবলু অঞ্চলত যাতায়াত-যোগাযোগৰ ক্ষেত্ৰত ন্যূনতম উন্নতি নোহোৱাত উজনি কুলামুৱা গাঁও উন্নয়ন সমিতি তথা যুৱক সংঘৰ বিষয়ববীয়াসকলে আক্ষেপ প্ৰকাশ কৰি অহা চাৰি মাহৰ ভিতৰত ব্যৱস্হা গ্ৰহণ কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ ওচৰত দাবী জনাইছে ।

ইয়াৰ ব্যতিৰেকে গণতান্ত্ৰিক আন্দোলন গ্ৰহণৰ হুংকাৰ দিছে ।

Your Comments