নাৰায়ণপুৰৰ  ছাত্ৰী বিনীতাৰ নৃশংস হত্যাকাণ্ড : হত্যাকাৰী অৰ্জুন দত্তক গ্ৰেপ্তাৰ 

binita-murder-case

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম -অৰুণাচল সীমান্তৱৰ্তী শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড়ৰত কনমাণি ছাত্ৰী বিনীতাৰ মৃতদেহ যোৱা ১৯ আগষ্টত উদ্ধাৰ হোৱাৰ ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে উক্ত শিহৰণকাৰী হত্যাকাণ্ডত জড়িত হত্যাকাৰীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ স্থানীয় চূণাজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী বিনীতা অধিকাৰীক অতি নৃশংসভাবে ধৰ্ষণ কৰাৰ পিছত হত্যা কৰা হৈছিল ৷ লম্পট হত্যাকাৰীটো হৈছে ৰাজগড়ৰ দ-জানৰ বলীন দত্তৰ তুলনীয়া পুত্ৰ অৰ্জুন দত্ত(৩০) ৷

হত্যাকাৰী অৰ্জুনে আৰক্ষীৰ জেৰাৰ সময়ত কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ৷ পূৰ্বৰে পৰা ধুনীয়া ছোৱালীৰ প্ৰতি দূৰ্বলতা থকা হত্যাকাৰী অৰ্জুন দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীক দিয়া স্বীকাৰোক্তিত বিনীতাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে ৷ স্বীকাৰোক্তি অনুসৰি হত্যাকাৰী অৰ্জুনে বিদ্যালয়ৰ পৰা দিনৰ ১ বজাত বিনীতা ঘৰলৈ আহি থকা অৱস্থাত জনশূণ্য ৰাজগড় দ-জান পথৰ পৰা মূখত সোপা দি অৰুণাচলৰ ফালে থকা বন বিজ্ঞান কেন্দ্ৰৰ পকী দেৱাল পাৰ কৰি লৈ যায় ৷

killer

ইয়াৰ পিছতে কণমানি বিনীতাক অৰ্জুনে উপৰ্যুপৰী ধৰ্ষণ কৰি পৰবৰ্তী সময়ত হত্যা কৰি সেই স্থানতে পেলাই থৈ আহে ৷ বিনীতাক বৰ্বৰভাবে হত্যা কৰি ঘৰলৈ উভতি অহা অৰ্জুনে পুনৰ সন্ধিয়া গৰু-গাই বান্ধি পুনৰ বিনীতাৰ মৃতদেহৰ ওচৰলৈ যায় আৰু মৃতদেহটো ঘটনাস্থলীৰ পৰা প্ৰায় আধা কিলোমিটাৰ পশ্চিমফালে থকা বন কেন্দ্ৰৰ ঘন জংঘলৰ লুংলুঙীয়া বাটেৰে মৃতদেহটো আনি অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ পথৰ দাঁতিতে থকা চেঁচা বন বিজ্ঞান কেন্দ্ৰৰ পকী বেৰাৰ নিচেই কাষত পেলাই থৈ পুনৰ ঘৰলৈ উভতি যায় ৷

ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে ৫২৫/২০১৮ নম্বৰত এটি গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৫(এ) ৩৭৬(এবি)/৩০২ আৰু আৰ ডব্লিঅ' ৪/৫ পি অ' চি এছ অ' ধাৰাত আৰক্ষীয়ে ১৯ আগষ্টৰ পৰা তদন্ত কৰি হত্যাকাৰীৰ চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে,যোৱা ১৮ আগষ্টৰ দিনা বিনীতা বিদ্যালয় চুটিৰ পিছত ঘৰলৈ আহি থকাৰ পথৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ পৰবৰ্তী সময়ত বিনীতা ঘৰ আহি নোপোৱাত পৰিয়ালৰ লোকে সাম্ভাব্য সকলো ঠাইতে বিচাৰ খোচাৰ কৰিছিল যদিও বিনীতাৰ সম্ভেদ পাবলৈ সক্ষম হোৱা নাছিল ৷ পিছত বিনীতা নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে স্থানীয় শিমলুগুৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ৷

যোৱা ১৯ আগষ্টত কৰ্মসূত্ৰে অৰুণাচলৰ ইটানগৰত থকা বিনীতাৰ পিতৃয়ে কাষৰীয়া অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ চেঁচা বন বিজ্ঞান কেন্দ্ৰৰ চৌহদৰ ঘন জংঘলৰ মাজত ওপৰমূৱাকৈ পৰি থকা অৰ্ধ উলংগকৈ কাপোৰত তেজৰ দাগ থকা এটি মৃতদেহ পৰি থকা দেখা পায় নিজ কন্যা বিনীতাৰ মৃতদেহ বুলি চিনাক্ত কৰিছিল ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াৰ পিছৰে পৰা অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ আৰক্ষী আৰু লখিমপুৰ জিলা আৰক্ষীয়ে বিনীতা হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছিল ৷

বিনীতা হত্যাকাণ্ডৰ লগত জড়িত লম্পটোক চিনাক্ত কৰি উচিত শাস্তি বিহিবৰ বাবে অঞ্চলটোৰ ৰাইজৰ লগতে সকলো দল সংগঠনে আৰক্ষীক দাবী জনাই অহাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰি এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিছিল ৷ অৱশেষত জঘণ্য হত্যাকাণ্ডটোত জড়িত থকা প্ৰকৃত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ল লখিমপুৰ আৰক্ষী ৷ আনহাতে আজি হত্যাকাৰীটোক লগত লৈ আৰক্ষীয়ে বিভিন্ন স্থান পৰ্যবেক্ষণ কৰাৰ সময়ত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা আহি উক্ত স্থানত উপস্থিত হোৱা কেইবা সহস্ৰাধীক লোকে হত্যাকাৰীক ফাঁচিৰ দাবী জনাই পৰিবেশ উত্তাল কৰি তোলে ৷ ইফালে আৰক্ষীয়ে হত্যাকাৰী অৰ্জুন দত্তক বিয়লি লখিমপুৰ জিলা আদালতত হাজিৰ কৰোৱাৰ পিছত অধিক তদন্তৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত দিয়ে ।


 

Your Comments