ধুবুৰীত বাজপেয়ীৰ অস্থি বিসৰ্জন

ধুবুৰীত বাজপেয়ীৰ অস্থি বিসৰ্জন


প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ অস্থি বিসৰ্জন অনুষ্ঠান আজি ধুবুৰীৰ গদাধৰ আৰু ব্ৰহ্মপুত্ৰৰ পবিত্ৰ মিলনস্থলী নেতাই ধুবুনীঘাটত সম্পন্ন হয় ।

ইয়াৰ পূৰ্বে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অসংখ্য ৰাইজে প্ৰয়াত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ধুবুৰীত বাজপেয়ীৰ অস্থি বিসৰ্জন

বিয়লি ৫ বজাত অস্থি বিসৰ্জন দিয় হয় ৷

অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম, পালিত বৰাৰ লগে বিজেপিৰ কেইবাজনো বিধায়ক উপস্থিত থাকে ৷

Your Comments