বিটিএডিত বিপিএফৰ বাহিৰে অন্য দলৰ কাম নাই- গণেশ কছাৰী

বিটিএডিত বিপিএফৰ বাহিৰে অন্য দলৰ কাম নাই- গণেশ কছাৰী

"বিটিচিত অন্য ৰাজনৈতিক দলে উন্নয়নমূলক কাম একো কৰিব নোৱাৰে । হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ বাবে বিটিচিৰ উন্নয়ন সাধন হৈছে । বি পি এফ দলে ৰাইজৰ উন্নয়ন বিচাৰে । বি পি এফ দলে উন্নয়নৰ বাবে ৰাজনীতি কৰে ।

আন দলৰ নেতাই কেৱল বিভাজনৰ ৰাজনীতি কৰি আহিছে । বিধায়ক-সাংসদসকলে যদি মোৰ সমান কাম কৰা দেখুৱাৱ পাৰে মই ৰাজনীতি ত্যাগ কৰিম ৷ বিটিচিত মই উন্নয়নৰহে ৰাজনীতি কৰিছোঁ আৰু উন্নয়নৰ বাবে মই চেলেঞ্জ কৰিছোঁ ৷"

এই মন্তব্য বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ । আজি বাক্সাৰ নাওকাটাত পূব নাওকাটাৰ পৰা ওদালগুৰিৰ গোপচা চুবালৈ নিৰ্মাণ হ'বলগীয়া গড়কাপ্টানী বিভাগৰ অন্তৰ্গত চিডি ওৱৰ্কৰ পেকেজ নং এছ ২৪/১৮১ৰ পকী পথ মুকলি কৰি দিয়া ভাষণত এনেদৰে কয় কছাৰীয়ে । "

বিটিএডিত বিপিএফ দলৰ বাহিৰে অন্য দলৰ কাম নাই ৷ বিটিচি গঠনৰ পুৰ্বে বিটিএডিত একো উন্নয়ন হোৱা নাছিল ৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰৰ নেতৃত্বত আজি উন্নয়ন দেখিছে ৰাইজে ৷

কোনো মন্ত্ৰী-বিধায়ক-সাংসদে বিটিচি গঠনৰ পুৰ্বে শুক্লাই চেৰফাং সমষ্টিত একো উন্নয়ন কৰা নাই" বুলিও তেওঁ উল্লেখ কৰে ৷ নিৰ্বাচনৰ সময়ত বিভাজন কৰিবলৈ অহা নেতাবোৰকো তেওঁ তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

Your Comments