অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা:প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান,বিশিষ্ট সাহিত্যিক কুলধৰ শইকীয়া সভাপতি নিৰ্বাচিত

#কুলধৰ শইকীয়া অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান

অৱশেষত ঘোষণা কৰা হ'ল অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল।২০২০-২২ বর্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছে প্ৰাক্তন অসম আৰক্ষী সঞ্চালক প্ৰধান,বিশিষ্ট সাহিত্যিক কুলধৰ শইকীয়া। উপ-সভাপতিৰ পদত জয়ী হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱী।ইয়াৰ বিপৰীতে প্ৰধান সম্পাদক পদত জয়ী হৈছে যাদৱ শৰ্মা। হোজাইৰ বালিকা মহাবিদ্যালয়ত সভাৰ নিৰ্বাচনী কমিটীয়ে ভোটগণনা কৰি ঘোষণা কৰিছে ফলাফল। উল্লেখ্য যে অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে এইবাৰ মুঠ সাতগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল।তাৰ বিপৰীতে উপ-সভাপতি পদত চাৰিজন আৰু সাধাৰণ সম্পাদকৰ পদত মুঠ তিনিজনে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। উল্লেখ্য যে পূৰ্বতে যোৱা ১৫ ডিচেম্বৰতে ফলাফল ঘোষণা কৰাৰ কথা আছিল যদিও শেষ সময়ত 'কা' বিৰোধী আন্দোলনৰ অসুবিধাৰ বাবে নিৰ্বাচনী কমিটীয়ে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিছিল ভোটগণনাৰ দিন।

Your Comments