সোণাৰিত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ২ ঘণ্টীয়া পথ অৱৰোধ 

sonari

ৰাজ্যৰ গড়কাপ্তানি  বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈৰ গৃহ জিলাৰ দুয়োটা সমষ্টিৰেই পথৰ দুৰৱস্থাই জনসাধাৰণক বাৰুকৈ জ্বলাকলা খুৱাইছে। জিলাখনৰ সোণাৰিৰপৰা মৰাণ হৈ ডিব্ৰুগড়লৈ আৰু ভজো হৈ সাপেখাতীলৈ যোৱা সদাব্যস্ত  ঐতিহাসিক নাহৰ আলি  দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকাৰ পাছতো নিৰ্মাণ তথা মেৰামতি কৰিবলৈও আহৰি নাই গড়কাপ্তানি বিভাগৰ। সম্প্ৰতি এই পথচোৱাত  দ' গাঁতৰ সৃষ্টি হোৱাৰ পাছতো আজিলৈকে চকু মেল খোৱা নাই গড়কাপ্তানি মন্ত্ৰীৰ।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভজো আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ভজো সোণাৰি অট' মালিক সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত দুই ঘণ্টীয়া এক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথ অৱৰোধ কাৰ্যসূচীৰ ফলত সোণাৰি-মৰাণ, সোণাৰি-সাপেখাতী পথৰ যাতায়ত স্তব্ধ হৈ পৰে।
 

Your Comments