অদমনীয় ইছৰ':২০২১ চনত চলাব 'চন্দ্ৰযান-৩' অভিযান

Pic

২০২০ বর্ষৰ প্ৰথম দিনটোত ইছৰ'ৰ পৰা আহিছে এটা সুখবৰ।'চন্দ্ৰযান-২' অভিযান সম্পূৰ্ণ সফল নোহোৱাত হতাশ নহৈ ইছৰ'ই এতিয়া 'চন্দ্ৰযান-৩' অভিযান চলোৱাৰ বাবে প্ৰস্তুতি চলাইছে।১ জানুৱাৰীত আয়োজিত এখন সংবাদমেলত ইছৰ'ৰ মুৰব্বী কে শিৱনে 'চন্দ্ৰযান-৩' অভিযান চলোৱাৰ বিষয়ে ঘোষণা কৰে।

Pic

শিৱানে সংবাদমেলত কয় যে কেন্দ্ৰীয় চৰকাৰে চন্দ্ৰযান-৩ত সন্মতি প্ৰকাশ কৰিছে।২০২১ চনত এই অভিযান চলোৱা হ'ব বুলি ইছৰ'ৰ মুৰব্বীজনে ঘোষণা কৰে।চন্দ্ৰযান-৩ প্ৰকল্প ইতিমধ্যে প্ৰস্তুত কৰা হৈছে বুলিও কে শিৱনে উল্লেখ কৰে।

Your Comments