আইচিচিৰ টেষ্ট বেটছমেনৰ বছৰৰ অন্তিম ৰেংকিঙত শীৰ্ষস্থানত বিৰাট কোহলি

Pic

আইচিচিৰ টেষ্ট বেটছমেনৰ ৰেংকিঙত শীৰ্ষস্থানত থাকি ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়ে ২০১৯ বর্ষৰ সমাপ্তি ঘটালে।আইচিচিৰ ১০ জন টেষ্ট বেটছমেনৰ বছৰৰ অন্তিম ৰেংকিঙত বিৰাট কোহলিয়ে ৯২৮ পইণ্ট লৈ শীৰ্ষ স্থান দখল কৰে।অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ ৯১১ পইণ্টৰে দ্বিতীয় স্থানত থাকে।আনহাতে,নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন ৮২২ পইণ্টৰে তৃতীয় স্থানত থাকে।এই ৰেংকিঙত ভাৰতীয় দলৰ আন দুজন বেটছমেন চেতেশ্বৰ পূজাৰা আৰু আজিংক ৰাহানে ক্ৰমান্বয়ে পঞ্চম আৰু সপ্তম স্থানত থাকে।

Your Comments