নামনি চেৰপাই দেবোত্তৰ সংযোগী পথৰ কদৰ্য ৰূপ, গণশক্তিৰ শ্ৰমদান কাৰ্যসূচী 

majuli

সন্মিলিত গণশক্তি চেৰপাই পঞ্চায়ত সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত আজি নামনি চেৰপাই-দেবোত্তৰ গাওঁ সংযোগী পথৰ কদৰ্য অৱস্হা দূৰ কৰাৰ উদ্দেশ্য শ্ৰমদানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱা সাত বজাৰ লগে লগে দলটোৰ প্ৰায় অৰ্ধশতাধিক লোকে হাতে হাতে কোৰ, দা,  ঠেলা আদি লৈ পথ মেৰামতিৰ কামত হাতে কামে নামি পৰে। উজনি মাজুলীৰ  এক অতি গুৰুত্বপূর্ণ তথা ব্যস্ত এই পথ চোৱাৰ  প্ৰায় দুই কিলমিটাৰ অংশত সৃষ্টি হোৱা কদৰ্য  স্থান সমূহ থিক কৰাৰ বাবে গাঠিৰ ধন ভাঙি ট্ৰেক্টৰেৰে মাটি পেলাই ৰাইজে আজি যাতায়ত উপযোগী কৰি তোলে ।

উল্লেখ্য যে উজনি মাজুলীৰ শ্ৰীৰাম আৰু চেৰপাই গাওঁ পঞ্চায়ত দুখনক সংলগ্ন কৰা এই পথটোৰ উন্নয়ণৰ বাবে কোনো এটা বিভাগে  বৰ্তমানলৈ ফলপসু আচঁনি গ্ৰহণ নকৰাৰ পৰিপ্রেক্ষিতত পথচোৱা এজাক বৰষুণতে কদৰ্য হৈ পৰে ।  এই কাৰ্যসূচীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সমবায় আৰু পৰিবহন বিভাগৰ  কাৰ্যবাহী সদস্য নীলকান্ত দলে,টি এম পি কে কেন্দ্রীয় সমিতিৰ প্ৰাক্তন সভাপতি চাপ্পল দলে, প্ৰাক্তন  চেৰপাই গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য দাৰাসিং দলে, এম এম কে মাজুলী জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজীৱ পেগু, টি এম পি কে মাজুলী জিলা সমিতিৰ সহকাৰী সম্পাদক বিজু পেগু আদিকে ধৰি বিভিন্নগৰাকী উপস্হিত থাকে ।
 

Your Comments