সোণাৰিত ৰকেট লঞ্চাৰ সদৃশ অস্ত্ৰ উদ্ধাৰ

চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত হোলোঙামৰাত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহৃত এবিধ অস্ত্ৰ উদ্ধাৰ হৈছে । দেখাত ৰকেট লঞ্চাৰৰ দৰে অস্ত্ৰবিধ উদ্ধাৰ হয় জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী হোলোঙামৰাৰ কানু গগৈৰ চাহ বাগিচাত । প্ৰায় ২০ কিলোগ্ৰাম ওজনৰ এই অস্ত্ৰবিধ সাপেখাতী আৰক্ষী থানাত চমজাই দিয়া হয় ।

Your Comments