হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ শুভাৰম্ভণি

golaghat_collage

আজিৰে পৰা আৰম্ভ হৈছে গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সোণলী জয়ন্তী উদযাপন অনুষ্ঠান । গোলাঘাট জিলাৰ একমাত্ৰ কন্যা মহাবিদ্যালয়খনে ৫০ বছৰ অতিক্ৰম কৰা উপলক্ষে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী । পুৱাৰ ভাগত ৫০খন পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি ঘটাই মহাবিদ্যালয়খনৰ ছাত্ৰী একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদিকা তথা প্ৰাক্তন ছাত্ৰী মঞ্চৰ সম্পাদিকা সাগৰিকা বৰাই । সোণালী জয়ন্তীৰ অনুষ্ঠানটোৰ অন্যান্য কাৰ্যসূচীৰ লগতে অহা কাইলৈ প্ৰাক্তন ছাত্ৰী সমাৰোহ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।
 

Your Comments