আহোম ৰয়েল ছ'চাইটিৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চুকাফা দিৱস পালন

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোন) তাৰিখে পাটকাই পৰ্বত পাৰ হৈ সুদূৰ মাওল্যুঙৰ পৰা ছৌ কা ফা অথবা চ্যুকাফা নামৰ বীৰ পুৰুষ গৰাকী অসমলৈ আহিছিল। এই গৰাকী চ্যুকাফাই সাতৰাজ সামৰি এক ৰাজ কৰি গঢ় দিছিল সাহিত্য, কৃষ্টি, সংস্কৃতিৰে ভৰপূৰ অসমীয়া নামৰ এটা জাতিৰ। বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনায় ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰ তাৰিখটো অসম দিৱস বা চ্যুকাফা দিৱস হিচাপে পালন কৰি আহিছে। জাতিৰ জনক চাওল্যুং চুকাফাৰ সমাধি ক্ষেত্ৰত সোমবাৰে আহোম ৰয়েল চ'ছাইটিৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চুকাফা দিৱস(অসম দিৱস ) পালন কৰা হয়। চৰাইদেউ জিলাৰ দ'লবাগানৰ নাংকুৰি পাহাৰৰ কাষত যোৱা তিনিটা বছৰৰ পূৰ্বে আৱিস্কাৰ হোৱা চুকাফাৰ সমাধি ক্ষেত্ৰত চুকাফা দিৱস অনুষ্ঠিত কৰা হয়। আহোম ৰয়েল চ'ছাইটিৰ শিৱসাগৰ জিলাৰ সভাপতি মণিৰুল ইছলাম বড়াই আঁত ধৰা অনুষ্ঠানটোত আহোম ৰয়েল চ'ছাইটিৰ কেন্দ্ৰীয় সভাপতি কমলা ৰাজকোঁৱৰ,আহোম ৰয়েল চ'ছাইটিৰ উপদেষ্টা তথা আলফাৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ ওৰফে অৰবিন্দ ৰাজখোৱা, আহোম ৰয়েল চ'ছাইটিৰ সাধাৰণ সম্পাদক পাৰ্শ্বজ্যোতি গগৈ, উপ-সভাপতি হিমাংশু নেওগে চাও ল্যুং চ্যুকাফাৰ সমাধিত বন্তি প্ৰজ্বনল কৰাৰ লগতে বীৰ পুৰুষ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানত চন্দন বৰা, দেৱজিৎ গগৈ, কল্যাণ জ্যোতি বুঢ়াগোহাঁই, তনুজ তন্ময় গগৈৰ উপৰি থাইলেণ্ডৰ পৰা অহা বহুকেইজন বৌদ্ধ ভান্তেই উপস্থিত থাকে।

Your Comments