'কেব'ৰ বিৰুদ্ধে গুৱাহাটীত 'আছু'ৰ চাইকেল ৰেলী:অগপ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্রদর্শন

Pic

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কামৰূপ(ম)জিলা ছাত্ৰ সন্থাই সোমবাৰে প্ৰতিবাদী চাইকেল ৰেলী উলিয়াই।'আছু'ৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটীৰ শতাধিক আছু কর্মীয়ে।

প্ৰতিগৰাকী আছু কর্মীয়ে নিজৰ-নিজৰ চাইকেলৰ সন্মুখত জাতিধ্বংসী কেব বাতিল কৰক,সৰ্বানন্দ সোণোৱাল হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চুক্তি ৰূপায়ণ কৰক আদি বিভিন্ন শ্লোগান দিয়ে।উল্লেখ্য যে আছু সদস্যসকলে চানমাৰী, জু-ৰোড, গণেশগুৰি হৈ পুনৰ জিএছ ৰোডেৰে আহি উলুবাৰী হৈ গুৱাহাটী ক্লাবেৰে পুনৰ উভতি আহে শ্বহীদ ভৱনলৈ।

Pic

ইফালে কাৰ্যসূচী আৰম্ভ কৰিয়ে আছুৰ কৰ্মীসকলে অগপ কাৰ্যালয়ৰ সন্মুখত কিছু সমূহ ৰৈ বিক্ষোভ প্রদর্শন কৰে।তেওঁলোকে নিজৰ নিজৰ চাইকেল ৰখাই অগপ গ' বেক, অতুল বৰা মুর্দাবাদ, জাতিক লৈ দালালি কৰা অগপ হুচিয়াৰ ধ্বংনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

আনহাতে আন্দোলনকাৰী আছু কৰ্মীসকল অগপ কাৰ্যালয়ৰ সন্মুখেৰে যাব বুলি আঞ্চলিক ৰাজনৈতিক দলটোৰ কাৰ্যালয়ৰ সন্মুখত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

Your Comments