পৰীক্ষাৰ মাজতে জাতিৰ স্বাৰ্থত আজি ৰাজপথলৈ ওলাব কটনৰ ছাত্ৰ সমাজ:সহযোগ কৰিব ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তিয়ে

Pic

বিজেপিৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে পুনৰ আজি কঁপিব উত্তৰ-পূবৰ দুৱাৰমুখ।ঐতিহাসিক কটনৰ ছাত্ৰ সমাজৰ উদ্যোগত 'কেব' বিৰোধিতাৰে আজি গুৱাহাটীৰ ৰাজপথ উত্তাল কৰিবলৈ সাজু হৈছে অসম ছাত্ৰ-সমাজ।আজি আবেলি ৪.৩০বজাত কটন বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ নেহৰু পার্কৰ সন্মুখৰ পৰা অসম ছাত্ৰ সমাজে কেব বিৰোধিতাৰে উলিয়াব বৃহৎ জোঁৰ সমদল।উল্লেখ্য যে ইতিমধ্যে কটনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত কেব বিৰোধিতাৰে ছাত্ৰ-ছাত্ৰীসকলক লৈ গঠন কৰিছে 'নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চ'। আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে জাতিৰ স্বাৰ্থত কটনৰ ছাত্ৰ সমাজে স্নাতক বর্ষৰ বিভিন্ন ষাণ্মাসিকৰ পৰীক্ষাৰ চলি থকাৰ পিছতো 'কেব'ৰ বিৰুদ্ধে ৰাজ্যৰ ছাত্ৰ-সমাজক ঐক্যবদ্ধ কৰিবলৈ বিচৰা প্ৰচেষ্টাক একেমুখে শলাগিছে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে। ছাত্ৰ সমাজৰ আন্দোলনক অধিক উৎসাহিত কৰাৰ লগতে দিল্লী-দিছপুৰক পুনৰবাৰ অসমীয়াৰ জাতিৰ বিৰুদ্ধে নাযাবলৈ সকীয়াই দিয়া বাবে জোঁৰ সমদলত অংশগ্ৰহন কৰা কথা আছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, লেখক পৰেশ মালাকাৰ, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, শিল্পী জুবিন গাৰ্গ প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি। ইফালে,ছাত্ৰ সমাজৰ এই কাৰ্যসূচীলৈ সমগ্ৰ অসমবাসীক ওলাই আহিবলৈ আহ্বান জনাই সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে কটনৰ শিক্ষাৰ্থীয়ে প্ৰচাৰ চলাইছে।

Your Comments