'কেব' কেতিয়া গৃহীত হব!আজি অসমৰ ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনেৰে গৃহমন্ত্ৰীৰ বৈঠক

Pic

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত  শুকুৰবাৰৰ পৰা দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰে বৈঠকত মিলিত হৈছে উত্তৰ-পূবৰ ৰাজনৈতিক-দল সংগঠনৰ প্ৰতিনিধি।বৈঠকলৈ নিমন্ত্ৰণ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজনৈতিক- অৰাজনৈতিক দল- সংগঠন ,নাগৰিক সমাজৰ লগতে উত্তৰ-পূবৰআঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক।গৃহমন্ত্ৰীগৰাকীৰ বাসগৃহত অনুষ্ঠিত হ'ব লগা শনিবাৰৰ বৈঠকত উপস্থিত থাকিব অসমৰ দল- সংগঠনৰ প্ৰতিনিধি। অসমৰ হৈ আছু, অগপকে ধৰি বহুকেইটা ৰাজনৈতিক-অৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকিব।উল্লেখ্য যে শুকুৰবাৰে গৃহমন্ত্ৰীগৰাকীয়ে মিজোৰাম আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন দল- সংগঠনেৰে বৈঠকত মিলিত হয়।

ইফালে,শনিবাৰে অসমৰ উপৰিও মেঘালয়, নাগালেণ্ড, মণিপুৰ, অৰুণাচল, চিকিমৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন দল- সংগঠনেৰে অনুষ্ঠিত হ'ব বিধেয়কৰ সন্দৰ্ভত বৈঠক। সদৌ অসম ছাত্ৰ সন্থা,অসম গণ পৰিষদ,অসম সাহিত্য সভা ,নেছ'ৰ প্ৰতিনিধিক বৈঠকলৈ নিমন্ত্ৰণ  জনোৱা হৈছে।উল্লেখ্য যে অসমৰ বিৰোধী ৰাজনৈতিক দল অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিকো বৈঠকলৈ নিমন্ত্ৰণ জনোৱা হৈছিল যদিও ইতিমধ্যে সেই নিমন্ত্ৰণ ৰক্ষা নকৰে বুলি স্পষ্ট কৰিছে কংগ্ৰেছে।

ইফালে গুৰুত্বপূৰ্ণ কথা এই যে সমগ্ৰ উত্তৰ-পূবৰ বিধেয়কৰ বিৰূদ্ধে ঐক্যবদ্ধ হোৱাৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবক ভাগ-ভাগ কৰাৰ বাবে পৃথকে- পৃথকে বৈঠকৰ আয়োজন কৰিছে বুলিও একাংশই মত প্ৰকাশ কৰিছে।

Your Comments