'কেব' বিৰোধিতাৰে কটন বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীৰ মৌন প্ৰতিবাদ:শনিবাৰে জোঁৰ সমদল

Pic

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মৌন প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে মুখত ক'লা কাপোৰ বান্ধি শুকুৰবাৰে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। হাতে-হাতে প্লেকাৰ্ড লৈ তেওঁলোকৰ দাবী-"জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ,পঢ়িম আমি ভাঙি ভণ্ড শাসন,গঢ়িম সোণৰ বৰ অসম আদি বিভিন্ন শ্লোগানেৰে প্লে'কাৰ্ড প্ৰদৰ্শন কৰে।

ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে প্লে'কাৰ্ডত স্পষ্ট ৰূপত উল্লেখ কৰিছে- "পঢ়াৰ মাজতো আমাৰ স্থিতি সবল জাতিৰ নামত"।উল্লেখ্য যে ঐতিহাসিক বিশ্ববিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সহযোগত ছাত্ৰ একতা সভাই ইতিমধ্যে গঠন কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চ।

ইফালে বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে জাতিৰ স্বাৰ্থত শ্রেণীকক্ষ ত্যাগ কৰি মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদত বহাৰ বিপৰীতে একাংশ ছাত্ৰ-ছাত্ৰীয়ে মহানগৰীৰ বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিধেয়কৰ বিৰুদ্ধে সংগ্রামলৈ ওলাই আহিবলৈ আহ্বান জনাই মহানগৰীৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়ত উপস্থিত হৈছে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰি কেবৰ বিৰুদ্ধে কেনেদৰে আন্দোলনত আগবাঢ়িব লাগিব,তাৰ পৰামৰ্শ লোৱাৰ লগতে শিক্ষাৰ্থীসকলৰ আন্দোলনলৈ তেওঁলোকক আনুষ্ঠানিক নিমন্ত্ৰণ জনাইছে।তাৰ ভিতৰত বিশিষ্ট বুদ্ধিজীৱী ড: হীৰেন গোহাঁই,অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ দৰে ব্যক্তিসকল অন্যতম।এই কথা জানিবলৈ দিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-সমাজে।

উল্লেখ্য যে শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলে কেব বিৰোধিতাৰে ৰূপায়ণ কৰিব প্ৰতিবাদী জোঁৰ সমদল।উক্ত জোঁৰ সমদলত ছাত্ৰ-ছাত্ৰীসকলৰ লগত উপস্থিত থকাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।

Your Comments