সংসদৰ চলিত শীতকালীন অধিৱেশনতে জনজাতিকৰণৰ বিধেয়ক গৃহীত কৰাৰ দাবী 'আক্রাছু'ৰ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

'সংসদৰ চলিত শীতকালীন অধিৱেশনতে যি কোনো প্ৰকাৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিধেয়কখন সংসদত গৃহীত কৰিব লাগে ৷ অন্যথা যদিহে জনজাতিকৰণৰ বিধেয়কখন গৃহীত নকৰে বা অসমত 'কেব'খন অনাৰ স্বাৰ্থত আমি যাতে কোনো হুলুস্থুল কৰিব নোৱাৰো আৰু আমাক দবাই ৰখাৰ বাবেই যদি জনজাতিকৰণৰ বিধেয়কখন আনিছে, তেতিয়াহ'লে কিন্তু আমি চৰকাৰক সকিয়াই দিছো যে আমি হাত সাৱতি বহি নাথাকো।'এই মন্তব্য সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ৰ ৷ সোমবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে কোচ ৰাজবংশীৰ যি প্ৰাপ্য অধিকাৰ সেয়া আমি যি কোনো বিনিময়ত কাঢ়ি আনিম ৷ কাৰণ কোচ ৰাজবংশীসকলে কেৱল মাত্ৰ এটা সাংবিধানিক সুবিধা জনজাতিকৰণৰ মৰ্যদা লাভ কৰাৰ কাৰণেও এশ বছৰ পাৰ কৰিলে ৷ কিন্তু তৎস্বত্বেও আজিলৈকে জনজাতিকৰণ নাপালো ৷ সেয়ে শীতকালীন অধিৱেশনত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী সমাধান কৰিবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰক দাবী জনায় ৷ সংবাদ মেলত সংগঠনটোৰ মুখ্য উপদেষ্টাগৰাকীয়ে পুনৰ কয় যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ লগতে কমতাপুৰৰ কাৰণেই কেএলঅৰ জন্ম হৈছে ৷ কিন্তু সেই কেএলঅত অসমৰ পৰা যিসকল ল'ৰা গৈছিল সেইসকলক কৌশলেৰে আনি আত্মসমৰ্পণ কৰাইছো ৷ লগতে আক্ৰাছু থকাৰ কাৰণে আজি কেএলঅত কোনেও যোগদান কৰিব পৰা নাই ৷ কিন্তু আমি যদি গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰি অহাৰ পিছতো চৰকাৰে আমাৰ দাবী মানি নলয় বা গুৰুত্ব নিদিয়ে,তেতিয়াহ'লে আমিও আৰু কাকো বাধা নিদিও ৷ কোনোবাই কেএলঅতে যাওক বা আন কৰবাতে যাওক আৰু হাতত অস্ত্ৰ তুলি লৈ অসম তথা ভাৰতবৰ্ষক অস্থিৰ কৰি তোলক ,আমাৰ ক'বলগীয়া নাই ৷ বৰং আমিও যিহেতু গণতান্ত্ৰিক আন্দোলন কৰি কৰি ভাগৰি পৰিছো আৰু সময় তথা ধৈৰ্যৰো সীমা থাকে, সেয়ে যদিহে চলিত শীতকালীন অধিৱেশনত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন সংসদত গৃহীত কৰি জনগোষ্ঠীটোক জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমিও কেএলঅক পূৰ্ণ সমৰ্থন কৰিবলৈ বাধ্য হ'ম আৰু স্বাধীন কমতাপুৰৰ দাবীত আমিও হাতত অস্ত্ৰ তুলি ল'বলৈ বাধ্য হ'ম বুলিও হুংকাৰ দিয়ে ৷ ইপিনে টংলাত অনুষ্ঠিত এখন বিশেষ প্ৰতিনিধি সভাৰ জৰিয়তে আক্ৰাছুক পুনৰ বিভাজন কৰা সন্দৰ্ভত সংবাদ মেলত উপস্থিত থকা মুখ্য উপদেষ্টাগৰাকীৰ লগতে উপ সভাপতি ক্ষিতিশ বৰ্মণ আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মণে কয় যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এখন নিজৰ সংবিধান আছে আৰু সংবিধান অনুসৰিয়ে সংগঠনৰ কাম- কাজ চলে ৷ কিন্তু আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা সংবিধান উলংঘা কৰি বিহিস্কৃত হোৱা হিতেশ্বৰ বৰ্মনে নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে কোচ ৰাজবংশীসকলৰ জাতীয় ছাত্ৰ সংগঠন আক্ৰাছুক অসাংবিধানিকভাৱে পুনৰ বিভাজন কৰিলে ৷ ২০০৩ চনৰ পৰা আক্ৰাছুৰ দুটা গোট আছিল যদিও ৰাইজৰ নিস্বাৰ্থ প্ৰচেষ্টাত ২০১৮ চনত একত্ৰিকৰণ হৈছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মণে আক্ৰাছুক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব কৰিছিল যদিও সেই সুযোজ নোপোৱাত তেওঁ আক্ৰাছুক দুৰ্বল কৰাত উঠি পৰি লগাই নহয় সংবিধান আৰু আক্ৰাছুৰ প্ৰস্তাৱ উলংঘা কৰি যোৱা লোক সভা নিৰ্বাচনত একপক্ষীয়ভাৱে ঐক্য মঞ্চ গঠন কৰি কোকৰাঝাৰ লোক সভা সমষ্টিৰ প্ৰাৰ্থী নৱ শৰণীয়াক সমৰ্থন কৰিছিল ৷ যাৰ কাৰণে হিতেশ্বৰ বৰ্মণক আক্ৰাছুৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে বহিষ্কাৰ কৰিবলৈ বাধ্য হৈছিলো বুলিও কয় ৷ আক্ৰাছুৰ নেতৃত্বই আৰু কয় যে বিগত ২০১৮ চনৰ ৭ জানুৱাৰীত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ ময়নাৰতলত হোৱা যুটীয়া অধিৱেশনত আক্ৰাছুৰ একত্ৰিকৰণ হৈছিল ৷ উক্ত অধিৱেশনৰ মুকলি সভাত হিতেশ্বৰ বৰ্মণে সভাপতিত্ব কৰি কৈছিল যে ' আক্ৰাছুক আৰু কোনোবাই পুনৰ বিভাজন কৰিব বিছাৰিলে এইবাৰ এৰি দিয়া নহ'ব, পিঠি ফালিম ' ৷ কিন্তু অধিৱেশনৰ পিছতে কংগ্ৰেছ নেত্ৰী হেম প্ৰভা দেৱী আৰু প্ৰাক্তন আলফা তথা সাংসদ নৱ ( হীৰা) শৰণীয়াৰ লগ লাগি আক্ৰাছুক পুনৰ দ্বি-খণ্ডিত কৰিলে ৷ নৱ শৰণীয়া আৰু হেমপ্ৰভা দেৱীৰ কোনো কোচ ৰাজবংশী চেতনা নাই ৷ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আক্ৰাছুক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল ৷ আমি তেওঁলোকৰ কথাত উঠা- বহা নকৰা কাৰণে হিতেশ্বৰ বৰ্মণৰ হতুৱাই আক্ৰাছুক বিভাজন কৰিলে ৷ সংবাদ মেলত সাংসদ নৱ শৰণীয়াক তীব্ৰ সামালোচনা কৰি আক্ৰাছু নেতাত্ৰয়ে কয় যে সাংসদ হোৱাৰ আগতে নৱ শৰণীয়াই বড়োলেণ্ডৰ বিৰোধিতা,জনজাতিকৰণৰ সমৰ্থন,বিটিচি চুক্তি ভংগ আৰু অবড়ো গাঁও বিটিএডিৰ পৰা কৰ্তন কৰিম বুলি অবড়ো ৰাইজক আবেগিক কৰি দুবাৰ সাংসদ হ'ল ৷ কিন্তু সাংসদ হৈ এতিয়া সকলো পাহৰি বড়োলেণ্ডক মান্যতা দি বিটিএডি আৰ্মী গঠন কৰাৰ লগতে গণ সুৰক্ষা পাৰ্টী নামেৰে ৰাজনৈতিক দল গঠন কৰি নিজেই এতিয়া বিটিচিৰ শাসনভাৰ ল'বলৈ মুখ্য ভূমিকা লৈছে ৷ এতিয়া তেওঁৰ মুখেৰে বড়োলেণ্ডৰ বিৰোধিতা, বিটিচি ভংগ, কোচ ৰাজবংশীক জনজাতিকৰণ কৰিব লাগে বুলি নোকোৱা হ'ল ৷ বৰং এতিয়া তেওঁ বিটিচিৰ বিভিন্ন জনগোষ্ঠীক ভাগ- ভাগ কৰি নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে উঠি - পৰি লাগিছে ৷ কিন্তু বিটিচিৰ অবড়োৰ প্ৰতাৰক আৰু আক্ৰাছুক দুভাগ কৰা নৱ শৰণীয়াই ভৱিষ্যতে ইয়াৰ পৰিণাম ভুগিব লাগিব ৷ সেইদৰে আলফা নেতাৰ লগত বিবাহ হৈ সোঁৱে- বাওঁৱে অজস্ৰ টকাৰ মালিক হৈ নিজকে সমাজ সেৱী বুলি জাহিৰ কৰি ফুৰি কংগ্ৰেছ দলত যোগদান কৰি মুখ থেকেচা খাই এতিয়া নিজকে কোচ ৰাজবংশীৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণত অভিসন্ধি কৰা হেম প্ৰভা দেৱীও সাৰি নাযাব বুলিও কয় ৷ আনহাতে হিতেশ্বৰ বৰ্মণক পুনৰ সমালোচনা কৰি আক্ৰাছুৰ নেতৃত্বই কয় যে আক্ৰাছুৰ সভাপতি হোৱাৰ আগতে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা হিতেশ্বৰ বৰ্মণে ক'ত আলাউদ্দিনৰ চাকি পালে যে ৰাতিৰ ভিতৰতে কোটিপতি হৈ ঘৰ, গাড়ী,মাটি কিনি পতিপত্তিশালী হ'ল ৰাইজক জনাওক৷ কাৰণ ২০১২ ৰ পৰা ২০১৮ চনলৈ আক্ৰাছুৰ সভাপতি হৈ থাকোতে অকল নিজৰ স্বাৰ্থত আক্ৰাছুক ব্যৱহাৰ কৰি আক্ৰাছুক জনমানসত দুৰ্বল কৰিছিল ৷ সেই হিতেশ্বৰ বৰ্মণে এতিয়া জাতিক বন্ধকত থৈ অসাংবিধানিকভাৱে টংলাত আক্ৰাছুক ভাগ কৰি সমিতি গঠন কৰিলে ৷ হিতেশ্বৰ বৰ্মণে উত্তৰ দিয়ক যে আক্ৰাছুৰ সংবিধানৰ কোন অনুচ্ছেদ অনুসৰি বহিস্কৃত কেইজনমান ব্যক্তিয়ে কেন্দ্ৰীয় প্ৰতিনিধি সভা অনুষ্ঠিত কৰিব পাৰে? কোনটো অনুচ্ছেদত আক্ৰাছুৰ যুটীয়া সম্পাদক আছে? অকল নিজৰ সাংগ- পাংগক সংস্থাপিত কৰিবলৈ নিজৰ খেয়াল খুচি মতে আক্ৰাছুক পুনৰ বিভাজন কৰিলে ৷ ইয়াৰ বাবে এদিন হিতেশ্বৰ বৰ্মণে নিশ্চয় ৰাইজৰ আদালতত বিচাৰৰ সন্মুখীন হ'ব ৷ আনহাতে যিহেতুকে অসাংবিধানিকভাৱে আক্ৰাছুক বিভাজন কৰিলে সেয়ে তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজন হ'লে আদালতৰ কাষ চাবিবলৈ বাধ্য হ'ব বুলিও কয় ৷ হিতেশ্বৰ বৰ্মণ আক্ৰাছু বিভাজনকাৰী আৰু জাতিদ্ৰোহী খলনায়ক বুলিও কয় ৷ সংবাদ মেলত আক্ৰাছুৰ উপ সভাপতি ক্ষিতিশ বৰ্মণ আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মেনেও সংসদৰ চলিত শীতকালীন অধিনেশনতে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিধেয়কখন সংসদত গৃহীত কৰিবলৈ চৰকাৰক দাবী জনায় ৷ লগতে অহা তিনি ডিচেম্বৰত জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত আক্ৰাছুৱে দিছপুৰ লাষ্ট গেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও উল্লেখ কৰে ৷ সংবাদ মেলত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷

Your Comments