মাজুলীত সংবিধান দিৱস পালন 

Pic

'নিউজ এএছ এন'ৰ মাজুলীৰ প্ৰতিবেদক:

ৰাজ্য তথা দেশৰ আন অংশৰ লগতে মাজুলী জিলাতো মঙলবাৰে 'সংবিধান দিৱস' পালন কৰা হয়। ভাৰত গণৰাজ্যৰ পৱিত্ৰ সংবিধান গৃহীত হোৱাৰ ৭০ সংখ্যক বাৰ্ষিকীৰ গৌৰৱময় উপলক্ষত মাজুলী জিলাৰ উপায়ুক্ত কাৰ্যালয়কে ধৰি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ত মঙলবাৰে ভাৰতৰ সংবিধানৰ মূল ভাবাদৰ্শক প্ৰতিফলিত কৰা 'প্ৰস্তাৱনা' অংশ সমুহীয়াভাৱে পাঠ কৰি চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে সংবিধানিক প্ৰমূল্যক অধিক উজ্জীৱিত কৰাৰ সংকল্প লয়।মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ত পুৱা ১১ বজাত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপায়ুক্ত বিক্ৰম কৈৰীয়ে সংবিধানৰ মূল প্ৰণেতা বাবাচাহেব ডঃভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে দেশৰ সংবিধান প্ৰণেতাসকলক সশ্ৰদ্ধ স্মৰণ কৰে। ইয়াৰ পিছতে উপায়ুক্তগৰাকীৰ নেতৃত্বত তিনিওগৰাকী অতিৰিক্ত উপায়ুক্ত, কেওগৰাকী কাৰ্যবাহী দণ্ডাধীশসহ জিলা প্ৰশাসনৰ বিষযা-কৰ্মচাৰীসকলে সংবিধানৰ প্ৰস্তাৱনা সমূহীয়াভাৱে পাঠ কৰে।এই অনুষ্ঠানতে ভাৰতৰ সংবিধান প্ৰদত্ত নাগৰিকৰ মৌলিক অধিকাৰসমূহো পাঠ কৰা হয়।

Your Comments