শিৱসাগৰলৈ আহি অভিভূত বিশ্ব ভ্ৰমণ কৰি থকা জাৰ্মান পৰ্যটক দম্পতি

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :

বিশ্ব ভ্ৰমণ কৰি থকা অৱসৰপ্ৰাপ্ত জাৰ্মান পৰ্যটক দম্পতি টিনা আৰু ইউৱি গ্ৰীচবাকে ঐতিহাসিক শিৱসাগৰ জিলা ভ্ৰমণ কৰি অভিভূত হৈ পৰে ৷ উল্লেখযোগ্য যে, ২০০৭ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় ৬,২০,০০০ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰাৰ লগতে ১৫০ খনৰো অধিক দেশ ভ্ৰমণ কৰা পৰ্যটক দম্পতিয়ে যোৱা ১৬ নৱেম্বৰৰ পৰা শিৱসাগৰৰ বিভিন্ন ঐতিহাসিক তথা পৰ্যটনথলী যেনে, শিৱদৌল, বিষ্ণুদৌল, শিৱসাগৰ পুখুৰী, জয়দৌল, জয়সাগৰ পুখুৰী, ঘনশ্যাম দৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি পৰিদৰ্শন কৰি উৎফুল্লিত হৈ পৰে ৷ জিলাখনৰ ঐতিহাসিক, সাংস্কৃতিক, পুৰাতাত্বিক সম্পদৰ বিষয়ে জানি পৰ্যটকদ্বয় বিস্মিত হৈ পৰে ৷

Pic

যোৱা ১৭ নৱেম্বৰত ঐতিহাসিক পহুগড় পৰিদৰ্শন কৰা কালত গ্ৰীচবাৰ্কে পৰ্যটনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা পদক্ষেপ আৰু ব্যৱস্থাপনা অতি সুন্দৰ হোৱা বুলি উল্লেখ কৰে। জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ আতিথ্যৰো দুয়োৱে ভূয়ঁসী প্ৰশংসা কৰে ৷ সন্ধিয়া স্থানীয় পৰ্যটন বাংলোত দুয়োকে জিলা উপায়ুক্ত ডাঃএম এছ লক্ষ্মীপ্ৰিয়াই সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়। পৰ্যটক দম্পতিয়ে জিলাখনৰ পৰ্যটনক্ষেত্ৰৰ উন্নয়ণৰ বাবে বহুকেইটা গঠনমূলক পৰামৰ্শ আগবঢ়ায় ৷

Pic

জিলাখনৰ পৰ্যটনৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে সময়ে সময়ে তেওঁলোকক অৱগত কৰাৰ বাবে জিলা উপায়ুক্তক অনুৰোধ জনায়, যাতে এই বিষয়ে তেওঁলোকৰ নিজা ৱেবচাইটত প্ৰকাশ কৰি বিশ্বৰ পৰ্যটকক জনাব পাৰে।দুয়োগৰাকী পৰ্যটকে ব্যক্ত কৰে যে তেওঁলোকে নিজৰ সুন্দৰ ভ্ৰমণ অভিজ্ঞতাৰ বিষয়ে বিৱৰণ কৰি বিশ্বৰ পৰ্যটকসকলক শিৱসাগৰ জিলা ভ্ৰমণ কৰাৰ বাবে সৱল আহ্বান জনাব ৷ পৰ্যটকদ্বয়ে উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ সৱল নেতৃত্বত জিলা প্ৰশাসনে "ছ'ল-ফুল শিৱসাগৰ"-ৰ অধীনত লোৱা পদক্ষেপসমূহৰ আন্তৰিক শলাগ লয় ৷ উপায়ুক্তগৰাকীয়ে জিলাখনৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে লোৱা অভিলাসী আঁচনিসমূহৰ বিষয়ে পৰ্যটক দুগৰাকীৰ লগত বিতংকৈ আলোচনায়ো কৰে ৷ তেওঁ চাহ,পৰ্যটন, চিল্ক পৰ্যটন, নদী পৰ্যটন, ধৰ্মীয় পৰ্যটন, ঐতিহ্য পৰ্যটন, ইক' পৰ্যটন আদিৰ উন্নয়নৰ দ্বাৰা জিলাখনক বিশ্ব পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্তিৰ বাবে লোৱা প্ৰয়াসসমূহৰ বিষয়ে সবিস্তাৰে আলোচনা কৰে।

Your Comments