'কেব'ৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হৈছে আৰু ধাৰাবাহিকভাৱে চলিব-লুৰিণজ্যোতি গগৈ

Pic

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱা লগে লগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সোমবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল।উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছ'ৰ আহ্বানমৰ্মে জাতিধ্বংসী 'কেব' বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীত গ্ৰহণ কৰে বিধেয়ক বিৰোধী আন্দোলনৰ কাৰ্যসূচী।কাৰ্যসূচীত আঠ শতাধিকতকৈ অধিক মহানগৰীৰ বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।লগতে,আছু নেতৃত্বই শ্বহীদ ভৱনৰ পৰা ৰাজভৱনলৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে স্পষ্ট মত প্ৰকাশ কৰে-'কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক।তাৰ বিৰুদ্ধে সংগ্রাম আৰম্ভ হৈছে আৰু ধাৰাবাহিকভাৱে চলিব।'লগতে তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ক্ষমতাৰে বলীয়ান হৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনতাৰ গণতান্ত্ৰিক কণ্ঠক ভৰিৰে মোহাৰি বলপূৰ্বকভাৱে 'কেব' জাপি দিবলৈ বিচাৰিছে।তেওঁলোকৰ লক্ষ্য এটাই- অসম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গৰ জনতাৰ মাজত ধৰ্মীয় মেৰুকৰণ কৰি ভোটবেংক স্থায়ী কৰিবলৈ বিচাৰিছে।সেয়া কোনো কাৰণতে হবলৈ দিয়া নহ'ব।তাৰ বিৰুদ্ধে আজি বিক্ষোভ কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰতিবাদ। 'অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ পটভূমি,ইয়াৰ ভয়াৱহতা আৰু গভীৰতা ভাৰবর্ষৰ অন্য ৰাজ্যৰ সৈতে একে নহয়।ৰাজস্থান, গুজৰাট আদি ৰাজ্যসমূহত প্ৰব্ৰজনকাৰী কেৱল মাত্ৰ ৫-১০হাজাৰৰ ভিতৰত,কিন্তু অসমে '৭১ চনলৈকে লাখ লাখ বিদেশী বোজা গ্ৰহণ কৰিছে।তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে '৭১ৰ পিছত অহা বিদেশী বোজা জাপি দিব,সেয়া কোনো মূল্যৰ বিনিময়ত গ্ৰহণ কৰা নহ'ব'-সাধাৰণ সম্পাদক গগৈয়ে কয়।লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান জনায় কয় যে মোডী-শ্বাহৰ যদি সৎসাহস আছে,তেন্তে '৫১ৰ পৰা '৭১চনলৈকে অসমে গ্ৰহণ কৰা অতিৰিক্ত বিদেশীৰ বোজা ভাৰতবর্ষৰ প্ৰতিখন ৰাজ্যতে ভগাই দিম বুলি ঘোষণা কৰক।আছুৰ মঞ্চৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ। '৭১লৈকে মানৱীয়তাৰ দৃষ্টিভংগীৰে বিদেশীৰ বোজা অসমে গ্ৰহণ কৰিলে।এতিয়া কোনো কাৰণতে বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে, তাকো ধর্মীয় ভিত্তিত বিদেশীক ভাগ ভাগ কৰা।যিটো কথা কেতিয়াও হ'ব নোৱাৰে। কাৰণ,ভাৰতৰ সংবিধানৰ ই পৰিপন্থী।এই বিষয়ত তেওঁলোকৰ লগত এটা সাম্প্ৰদায়িক বিষয় জড়িত হৈ আছে'-গগৈয়ে মন্তব্য কৰে। আনহাতে বিধেয়ক বিৰোধী আন্দোলনক গুৰুত্বহীন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 'কেব' গৃহীত হ'ব বুলি কৰা ঘোষণাক কটু সমালোচনা কৰি সাধাৰণ সম্পাদক গগৈয়ে কয়-'হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিয়ে টুলুঙা মন্তব্য কৰি মানুহক বিভ্ৰান্ত কৰিবলৈ বিচাৰিছে।মানুহে যুক্তিত যাব লাগে সংখ্যাৰ কথাত নহয়।ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি আছু- ৩০ টা জনগোষ্ঠীয় সংগঠন আৰু অসমৰ জনগণে অন্যায়ৰ বিৰুদ্ধে সদায় অৱস্থান গ্ৰহণ কৰিছে।পূৰ্বতেও অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বহুত অন্যায় কৰিছে। আইএমডিটি, আস্ফা, আদি অন্যায়ভাৱে জাপি দিছে-সেই অন্যায় শেষ হ'ব লাগিব।যদিও আমি এটা ক্ষুদ্ৰ জাতিসত্ত্বা, এইখন অসমত ৰাজনৈতিক অধিকাৰ সাৱ্যস্ত কৰি জীয়াই থকাৰ অধিকাৰ আছে আৰু ই জন্মস্বত্ব অধিকাৰ।কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰ কৰি কেতিয়াও আমাৰ পৰা ইয়াক কাঢ়ি নিব নোৱাৰে।' "মিজোৰাম, মেঘালয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে জাতিপ্ৰেমৰ নামত ৩৭১(ক),পাৰপত্ৰ ব্যৱস্থা, ভূমি-সম্পদৰ অধিকাৰ থকাৰ পিছতো জাতিপ্ৰেমৰ পৰিচয় দি বিধেয়কৰ বিৰোধিতা কৰিছে।তাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে অসম আন্দোলনৰ মাজেৰে পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকে এইসকল ব্যক্তিয়ে দেখুৱা আদৰ্শ আৰু দেশপ্রেমৰ নিদৰ্শন ল'ব পৰা নাই।কেৱল মাত্ৰ নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত কোনোবাই মুখ্যমন্ত্ৰীৰ গাদীৰ স্বাৰ্থত আৰু কোনোবা এগৰাকীয়ে আগন্তক দিনত মুখ্যমন্ত্ৰী হ'ম বুলি সমগ্ৰ বিষয়টোৰ ৰাজনীতিকৰণ কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত 'ইয়েচ বছ' মানসিকতাৰে কাম-কাজ কৰিছে"-লুৰিণজ্যোতি গগৈয়ে কয়। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,সভাপতি দীপাংক নাথ, অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে। প্ৰতিবাদৰ অন্তত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ জৰিয়তে ৰাজ্যপাল,প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰে।

Your Comments