বগাবিল বৰমতা ৰঙ্গমঞ্চৰ প্ৰাঙ্গনত বিশাল তিহাৰ সমাৰোহ সম্পন্ন 

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন: 

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত বগাবিল বৰমতা ৰঙ্গমঞ্চৰ প্ৰাঙ্গনত        দেওবাৰে  দিনজোৰা কাৰ্যসূচীৰে বগাবিল বৰমতা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত কৰা নেপালী সম্প্ৰদায়সকলৰ পৱিত্ৰ বিশাল তিহাৰ সমাৰোহ সম্পন্ন হয় । উক্ত তিহাৰ সমাৰোহৰ সভাপতি শংকৰ পাঠক আৰু সম্পাদক ৰূপম শৰ্মাই জানিবলৈ দিয়ে যে পুৱাই ধৰ্মধ্বজাৰ পতাকা উত্তোলন কৰি  জাতীয় শ্বহীদসকলৰ                প্ৰতিচ্ছবিত পুষ্পাঞ্জলী, মাল্যাৰ্পনণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে । তাৰ পিচতে নেপালী সম্প্ৰদায়ৰ   লোকসকলে ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা তথা উৎসৱত পৰিধান কৰা মণি-মালাৰ উপৰিও লুপ্ত হোৱা সামগ্ৰীসমুহৰ প্ৰদৰ্শনীৰ বাবে সংগ্ৰহালয় মুকলি কৰে ।

Pic

মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেপালী সংস্কৃতি সুৰক্ষা পৰিষদৰ মহা সচিব বীৰেন্দ্ৰ ৰাণা । তেওঁ বহুমূলীয়া ভাষন প্ৰসংগত কয় - 'নিজৰ জাতিৰ পৰম্পৰা-সংস্কৃতিক আমি গুৰুত্ব প্ৰদান দিলেহে উঠি অহা প্ৰজন্মই নিজৰ জাতিৰ পৰম্পৰা-সংস্কৃতিক গুৰুত্ব দিব।' তাৰ পিচতে অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ভৈলী আৰু সঙ্গীনি দলসমুহে সুন্দৰকৈ নিজৰ ভৈলি আৰু সঙ্গীনি নৃত্য প্ৰদৰ্শন কৰে । প্ৰায় ৩০ টা ভৈলী আৰু ৩ টা সঙ্গীনি দলে অংশগ্ৰহণ কৰে।তাৰে ভিতৰত তেজপুৰ চান্দমাৰী আৰু নাগশংকৰ ভৈলী দল অন্যতম।ভৈলী প্ৰতিযোগিতাৰ পিচতে নিশা এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে ।

Your Comments