দুই-এদিনতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব অযোধ্যা বিবাদৰ গোচৰৰ:উত্তৰ প্ৰদেশৰ আৰক্ষী সষ্টম

Pic

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ ল'বলৈ মাজতে ১০ দিন আছে।তেওঁৰ কৰ্মদিন আছে ৫ দিন।এনে অৱস্থাত ১৭ নৱেম্বৰৰ পূৰ্বে যিকোনো সময়ত গগৈয়ে ৰায়দান কৰিব অযোধ্যা বিবাদৰ গোচৰৰ।ৰায়দানৰ পূৰ্বে অযোধ্যাত উত্তৰ প্ৰদেশ চৰকাৰ,স্থানীয় প্ৰশাসন,স্থানীয় আৰক্ষী যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছে।জনতাৰ মাজলৈ গৈ উচ্চ পদস্থ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াই ৰায়দান যিয়েই হওক কিয়,তাক মানি লৈ শান্তি ভংগ নকৰিবলৈ আহ্বান জনাইছে।ড্ৰোণৰ জড়িয়তে  অযোধ্যাৰ পৰিৱেশ-পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে।ইফালে,শুকুৰবাৰে দুপৰীয়া ১২ বজাত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবক উত্তৰ প্ৰদেশ চৰকাৰ আৰু আৰক্ষীৰ প্ৰস্তুতিৰ সম্পৰ্কে আলোচনাৰ বাবে মাতিছে।ইয়াৰ পৰিপ্ৰেক্ষিতত অহা এদিন-দুদিনতে অযোধ্যা বিবাদৰ ৰায়দান হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

Your Comments