'শ্বহীদৰ ত্যাগ অসমৰ সোণালী ইতিহাস,তাক কোনো শক্তিয়ে মষিমূৰ কৰিবলৈ নোৱাৰে'-সদৌ অসম চুতীয়া ছাত্ৰ সন্থা

Pic

"কেন্দ্ৰীয় চৰকাৰে 'কেব' কেতিয়াও অসমৰ ওপৰত জাপি দিব নোৱাৰে। ৮৫৫ গৰাকী শ্বহীদৰ কেঁঁচা তেজক কোনো কাৰণত ইতিহাস হ'বলৈ দিয়া নহ'ব।শ্বহীদৰ ত্যাগ অসমৰ সোণালী ইতিহাস।গতিকে কোনো শক্তিয়ে ইয়াক মষিমূৰ কৰিবলৈ নোৱাৰে"-এই মন্তব্য সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ নেতা ডিম্পুুুল চুতীয়াৰ।কেন্দ্ৰীয় চৰকাৰে ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ নামত দীৰ্ঘদিনৰ পৰা কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই বৃহস্পতিবাৰে গ্ৰহণ কৰাৰ কথা আছিল এটা প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদী। কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচী  ৰূপায়ণ কৰাৰ বাবে মহানগৰীৰ লক্ষ্মীনাথ বেজবৰুৱা গোল চ'কত সমবেত হোৱাৰ সময়তে একাংশ ছাত্ৰ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিবলৈ নাপাওঁতে ১৪৪ ধাৰা বলৱৎ হৈ থকাৰ সুবিধা গ্ৰহণ কৰি একাংশ নেতাক গ্ৰেপ্তাৰ কৰি লতাশিল আৰক্ষী থানালে লৈ যায়।প্ৰতিবাদী কাৰ্যসূচীলৈ অহা বাবে ছাত্ৰ নেতাসকলে ব্যৱহাৰ কৰা AS-05L-2093নম্বৰৰ এখন বেলিনো বাহনো আৰক্ষীয়ে থানালে লৈ যায়।

Pic

উল্লেখ্য যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত  প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ নাপাওঁতেই গ্ৰেপ্তাৰ কৰাৰ কাৰ্যক ধিক্কাৰ দিয়ে সংগঠনটোৱে।লগতে সংগঠনটোৰ নেতা ডিম্পুল চুতীয়াই কয়- 'জয় আই অসম, অসম জাগিলে দেশ বাচিব।কেন্দ্ৰীয় চৰকাৰে অন্যায়ভাৱে অসমত যি বিদেশীৰ বোজা জাপি দিবলৈ বিচাৰিছে,তাৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থা সদায় সাজু।'

ইয়াৰ উপৰিও তেওঁলোকৰ দাবী অসমৰ ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে জনজাতিকৰণ কৰিব লাগে।অন্যথা ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়িব তোলা হ'ব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰে।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে ছাত্ৰ নেতাসকলে জয় আই অসম, নৰেন্দ্ৰ মোডী হুচিয়াৰ , সৰ্বানন্দ সোণোৱাল হায় হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

Your Comments