ভয়ংকৰ বায়ু প্ৰদূষণ:৪০ শতাংশ দিল্লীবাসী ৰাজধানী মহানগৰখন ত্যাগ কৰিবলৈ ইচ্ছুক

Pic

দেশৰ ৰাজধানী দিল্লীত এতিয়া ভয়ংকৰ বায়ু প্ৰদূষণ।বায়ু প্ৰদূষণৰ বাবে নিতৌ মানুহে শ্বাস-প্ৰশ্বাসজনিত ৰোগত প্ৰাণ বিসৰ্জন দিব লগীয়া হৈছে।এনে সময়ত এটা সমীক্ষাত প্ৰকাশ পাইছে যে চল্লিশ শতাংশ লোকে দিল্লী এৰি অন্য স্থানত বসতি কৰিবলৈ ইচ্ছুক।অনলাইন পৰ্টেল 'লোকেল চাৰ্কলছ'-এ একাংশ লোকৰ মাজত চলোৱা সমীক্ষাত চল্লিশ শতাংশ লোকে দিল্লী এৰি অন্য স্থানলৈ স্থানান্তৰ হ'বলৈ ইচ্ছা প্ৰকাশ কৰে।উল্লেখ্য যে শেহতীয়াকৈ দিল্লীত পাতলীয়া বৰষুণ হৈছিল যদিও ভবামতে বায়ু পৰিষ্কাৰ নহ'ল।দিল্লীৰ বায়ু এতিয়াও বিষাক্ত।মানুহে ঘৰৰ বাহিৰত ওলালেই মুখা পিন্ধিবলৈ বাধ্য হৈ পৰিছে।

Your Comments