শ্রেণীকক্ষ বৰ্জন:শুকুৰবাৰে ৰাজ্যজুৰি ধৰ্ণা ৪১হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকৰ

tet teachar Protest

নিউজ ডেস্ক:

শিক্ষা বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে শুকুৰবাৰে শ্রেণীকক্ষ এৰি ৰাজপথলৈ ওলাব ৰাজ্যৰ ৪১ হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষক।বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত ঠিকাভিত্তিক টেট শিক্ষকসকলে শুকুৰবাৰে দিনৰ ১০.৩০ বজাত প্ৰতিখন জিলাৰ খণ্ড প্ৰাথমিক বিষয়া কাৰ্যালয়ত ৰূপায়ণ কৰিব প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। 


আনহাতে,শুকুৰবাৰৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী সন্দৰ্ভত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে 'নিউজএছএন'ৰ আগত কয়-'শুকুৰবাৰে ঠিকাভিত্তিক ৪১ হাজাৰ টেট শিক্ষকে নিজ নিজ বিদ্যালয়ত পুৱা উপস্থিতিৰ বহীত চহী কৰিয়েই প্ৰাপ্য বিচাৰি নিজ নিজ জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কার্যালয়ত ৰূপায়ণ কৰিব ধৰ্ণা কাৰ্যসূচী।উক্ত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে জিলা খণ্ড বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰিব স্মাৰকপত্ৰ।'লগতে সম্পাদক ৰছিদে জানিবলৈ দিয়া অনুসৰি স্মাৰকপত্ৰৰ জৰিয়তে তেওঁলোকে চলিত ছেপ্টেম্বৰ মাহৰ ভিতৰতে শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগক প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক টেট শিক্ষক সমাজৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে আহ্বান জনাব।যদি শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শুকুৰবাৰৰ আহ্বানলৈ কোনো গুৰুত্ব নিদিয়ে তেন্তে ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে জিলা প্ৰাথমিক বিষয়াৰ কাৰ্যালয়ত 'তলা বন্ধ' কাৰ্যসূচী পালন কৰিব বুলি জানিবলৈ দিছে।


ইফালে,শুকুৰবাৰৰ ধৰ্ণা কাৰ্যসূচীলৈ ৰাজ্যিক শিক্ষক সন্মিলনী, মধ্য ইংৰাজী টেট শিক্ষক সন্থা,মজলীয়া শিক্ষক সন্থা, মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শিক্ষক সন্থাই পূর্ণ সমৰ্থন আগবঢ়াইছে।লগতে, তেওঁলোকৰ সদস্য-প্ৰতিনিধি ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকিব বুলি জানিবলৈ দিছে সম্পাদক মিৰাজুল ৰছিদে।

Your Comments