৩১জুলাইত নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ নিৰ্দেশ

nrc

নিউজ ডেস্ক

অসমীয়া জাতিৰ অন্যতম দলিল হিচাপে পৰিচিতি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰকাশ পাব অহা ৩১জুলাইত। ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত নির্দেশ প্ৰদান কৰিছে এনআৰচি ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক। ইফালে চূড়ান্ত এনআৰচি প্ৰকাশৰ পূৰ্বে অহা ১৫জুনত প্ৰকাশ পাব এনআৰচি অতিৰিক্ত খচৰা। আনহাতে এনআৰচিৰ অতিৰিক্ত খচৰা প্ৰকাশ সন্দৰ্ভত আলোচনা কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সোমবাৰ আৰু মংগলবাৰে আয়োজন কৰিছে দুখন বৈঠকৰ। অসম প্ৰশাসনিক প্ৰাধিকৰণ মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব প্ৰথমখন বৈঠক। প্ৰথমখন বৈঠকত সোমবাৰে অৰ্থাৎ অহা কালিলৈ মিলিত হ”ব ৰাজ্য চক্ৰ বিষয়াসকলৰ সৈতে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। একেদৰে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব এনআৰচিৰ মুখ্য কাৰ্যালয়ত মংগলবাৰে। উক্ত বৈঠকত ৰাজ্যিক সমন্বয়ক গৰাকী মিলিত হ’ব প্ৰতিখন জিলাৰ উপায়ুক্তৰে।

Your Comments