অসমত বিজেপি বিৰোধী "আঞ্চলিক গণতান্ত্ৰিক মৰ্চা" গঠন

anchalik

অসমৰ আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী বিৰোধী ৰাজনৈতিক শক্তি গঠনৰ বাবে  গঠন হৈছে "আঞ্চলিক গণতান্ত্ৰিক মৰ্চা"। ইতিমধ্যে আঞ্চলিক গণতান্ত্ৰিক মৰ্চাত অন্তৰ্ভুক্ত হৈছে এলডিপি, এএছডিচি, অসম সংগ্রামী মঞ্চ আৰু আদিবাসী নেচনেল পাৰ্টী চমুকৈ "আনপা"।এই কথা আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলত  জানিবলৈ দিয়ে আঞ্চলিক গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক হলীৰাম তেৰাঙে। সংবাদ মেলত সম্বোধন কৰি তেৰাঙে কয়, বিৰোধীৰ মাজত অনৈক্য, সৰ্বজনীন নেতাৰ অভাৱ আৰু বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সদব্যৱহাৰত ব্যৰ্থ হোৱাৰ বাবেই বিজেপিয়ে দ্বিতীয়বাৰলৈ কেন্দ্ৰত  শক্তিশালি ৰূপত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। শক্তিশালী বিৰোধীপক্ষৰ অনুপস্থিতি সংসদীয় গণতন্ত্ৰৰ বাবে কেতিয়াও শুভ সংকেত নহয়। সেই কথালৈ লক্ষ্য ৰাখিয়ে অসমত বিজেপিক উৎখাত কৰাৰ বাবে আঞ্চলিক গণতান্ত্ৰিক মৰ্চা গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে।ইয়াৰ উপৰি তেওঁ কয়, এই আঞ্চলিক মৰ্চাত অসমৰ প্ৰতিটো জাতি-জনগোষ্টীৰ আঞ্চলিক শক্তি নিহিত হৈ থাকিব।কিয়নো বিভিন্ন জাতি-জনগোষ্ঠীৰ বসবাস কৰা অসমত কেৱল এটা আঞ্চলিক দলে অকলে কেতিয়াও ক্ষমতা দখল কৰিব নোৱাৰে। ফলত প্ৰতিটো জাতি-জনগোষ্ঠীৰ আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰি ক্ষমতা দখল কৰিব পৰা যাব।

Your Comments

Related Articles