বিকানে-গুৱাহাটীৰ ৰেল দুৰ্ঘটনাত নিহত লোকৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য

A



নিউজ ডেস্ক:
বিকানেৰ পৰা গুৱাহাটী অভিমুখী এক্সপ্ৰেছখনৰ দুৰ্ঘটনাৰ পিছতে নিহত সকলৰ পৰিয়ালৰ লোকক সাহায্য প্ৰদান কৰিছে ভাৰতীয় ৰেল'ৱে কৰ্তৃপক্ষই । ৰে'ল মন্ত্ৰালয়ৰ ADR PR ৰাজীৱ জৈনে কয় যে , "নিহত ৯ জনৰ ভিতৰত ৫ জনক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু তেওঁলোকৰ পৰিয়ালক ৫ লাখ টকা কৈ দিয়া হ’ব । আমি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১০ জন লোকক ১ লাখ টকা আৰু ২৬ জন আহতক ২৫,০০০ টকাকৈ প্ৰদান কৰিম ।ৰেল'ৱে দলটোৱে ৰাতিটোৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিমান সম্ভৱ কম সময়ত সাহায্য প্ৰদানৰ কাম সম্পন্ন কৰিছে" । 

Your Comments