"স্বাস্থ্য উন্নত হোৱাৰ পিছত চিকিৎসক সেউজ সেনাপতিৰ পোষ্টিং পৰিয়ালৰ পছন্দ মতে হ'ব"-স্বাস্থ্যমন্ত্ৰী

Pic

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

চিকিৎসক সেউজ সেনাপতিৰ স্বাস্থ্য উন্নত হোৱাৰ পাছত তেওঁৰ পৰিয়ালে সেনাপতিৰ কৰ্মস্থান য’ত বিচাৰে,তাতে পোষ্টিং হ'ব । আনহাতে,নতুনকৈ GMC ত ২০০ বিচনাযুক্ত আৰু সৰুসজাইজত ৩০০ বিচনাযুক্ত কোভিড হাস্পতাল অতিশীঘ্ৰে আৰম্ভ হ'ব বুলি দেওবাৰে কলিয়াবৰৰ নৱ-নিৰ্মিত জখলাবন্ধা হাস্পতালত পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰ আগত অৱগত কৰে।
ইফালে, ১০০ খন বিচনাযুক্ত নৱনিৰ্মিত জখলাবন্ধা হাস্পতালখন শীঘ্ৰেই মুকলি কৰাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ। দেওবাৰে কলিয়াবৰৰ নৱ নিৰ্মিত জখলাবন্ধা হাস্পতালত চাডেন ভিজিট কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই  কামৰ বিসংগতি দেখি অগ্নিশৰ্মা হৈ ধমক দিয়ে ঠিকাদাৰক। ইফালে¸পুৰণি জখলাবন্ধা হাস্পতালৰ কাম-কাজৰ বুজ লোৱাৰ লগতে হাস্পতালখন উন্নত কৰাৰ কথা প্ৰকাশ কৰে আৰু পুৰণি হাস্পতালখনক শীঘ্ৰেই নতুন ৰূপ দিয়াৰ ইংগিত প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

 

Your Comments