বকোত বিশ্ব পৰিৱেশ দিৱস পালন

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস:

৫ জুনত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। কামৰূপ জিলাৰ বকোতো অসম বিজ্ঞান সমিতি,বকো শাখাৰ উদ্যোগত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্য্যসুচী। অনুষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ইলোৰা বিজ্ঞান মঞ্চৰ বকো শাখাৰ সভাপতি তথা বিজ্ঞান সমিতিৰ উপদেষ্টা গৌৰাংগ ঠাকুৰীয়াই।ইয়াৰ পিছত বকো সাহিত্য সভা ভৱন প্ৰাঙ্গণ,অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মঞ্চ ভৱন প্ৰাঙ্গণ,বকো হাইস্কুল খেলপথাৰত গছপুলি ৰোপণ কৰে ক্ৰমে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: গণেশ্বৰ চহৰীয়া, উপদেষ্টা গিৰীন্দ্ৰ কুমাৰ চৌধুৰী,বিজ্ঞান সমিতিৰ বকো শাখাৰ সভাপতি ড° অৱনী কুমাৰ দাস,বকো সাহিত্য সভাৰ সম্পাদিকা অধ্যাপিকা বিজয়া ডেকা, বকো সাহিত্য সভাৰ সভাপতি তথা বিজ্ঞান সমিতিৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুৰেন চন্দ্ৰ কলিতা,বিজ্ঞান সমিতিৰ উপ-সভাপতি অৰৱিন্দ চৌধুৰী, সহকাৰী সম্পাদকদ্বয় হৰিদেৱ মহন্ত আৰু পৱিত্ৰ কৈৱৰ্ত্ত‌,কৰ্মচাৰী মঞ্চৰ সভাপতি যাদৱ ৰাভা,নাৰায়ণ তালুকদাৰ,সবিতা ঠাকুৰীয়া,বকো সাহিত্য সভাৰ সহকাৰী সম্পাদক বিষ্ণুৰাম দাসে।

Pic

অনুষ্ঠানত অকল গছপুলি ৰোপণেই নহয়,প্ৰতি বছৰে ৰোপণ কৰা গছপুলিবোৰৰ প্ৰতিপালন আৰু চাফ্-চিকুণো কৰে। উল্লেখ্য যে বকো ৰাজহ চক্ৰৰ অন্তৰ্গত কালিয়াবড়ী গাঁৱৰ যুৱ সমাজ মঞ্চ, কালিয়াবড়ী নেহৰু জ্যোতি সংঘৰ উদ্যোগত সংঘ আৰু মন্দিৰ চৌহদত গছপুলি ৰোপণ কৰা হয়।ইফালে, ক'ৰ'না আতংকৰ প্ৰ'টকল মানি জিলমিল ডেঞ্চ এণ্ড এক্টিং ফ্ল'ৰৰ ছাত্ৰ-ছাত্ৰীয়ে ভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰে।বকোৰ বালিঝাৰতো বিভিন্ন সংস্থা-সংগঠনৰ উদ্যোগত গছপুলি ৰোপণ কৰা হয়।

  

Your Comments