ঘগ্ৰাপাৰ হাইস্কুল আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত গছপুলি ৰোপণ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বিভিন্ন স্থানত ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এলানি বৃক্ষৰোপণ কৰা হয়৷ঘগ্ৰাপাৰ হাইস্কুল চৌহদত ইকো ক্লাবৰ উদ‍্যোগত শিক্ষানুষ্ঠানখনৰ বাগিচাৰ এলেকাত কিছু গছপুলি ৰোপণ কৰা হয় ৷

Pic

বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জগত তালুকদাৰ,প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰ,সহ-শিক্ষক নৰেন মজুমদাৰ আদিয়ে গছ পুলি ৰোপণ কৰাৰ উপৰিও শিক্ষানুষ্ঠাখনৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিজ নিজ গৃহত একোটাকৈ গছ-পুলি ৰোপণ কৰে। ইফালে ঘগ্ৰাপাস্থিত বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ তত্বাৱধানত মণ্ডলটোৰ অন্তৰ্গত ১০২ টা বুথৰ সভাপতিসকলে নিজ নিজ এলেকাত বৃক্ষৰোপণ কৰে।

Your Comments