দু:চিন্তা-হতাশাৰপৰা কেনেকৈ মুক্ত হ'ব ?  তেজপুৰ জি আই এম টিত মনোজ্ঞ আলোচনাচক্ৰ

tezpur GIMT

তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনলজীৰ সামাজিক উন্নয়ন গোট 'সহযোগ'ৰ উদ্যোগত আজি এখন এদিনীয়া আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় । প্ৰতিষ্ঠানখনৰ চেমিনাৰ হলত অনুষ্ঠিত  আলোচনাচক্ৰখনৰ মূল বিষয় আছিল — Ideal youth, Personality, Values in life.

tezpur gimt

তেজপুৰ ব্ৰহ্মকুমাৰীৰ সহযোগত আয়োজন কৰা এই আলোচনাচক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰজাপতি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মূখ্য কাৰ্য্যালয়ৰ পৰা অহা ৰাজযোগী বি কে হেমন্ত । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ড˚ বুলজিৎ বুঢ়াগোঁহায়ে ৰাজযোগী বি কে হেমন্তক ফুলাম গামোছাৰে আদৰণি জনায় ।  

বি কে হেমন্তই বৰ্তমান সময়ত যুৱসমাজৰ মাজত বাঢ়ি অহা ঋণাত্মক ভাৱধাৰা, অৱসাদ , দু:চিন্তা,  ইত্যাদিৰপৰা মুক্তি লাভ কৰাৰ উপায় সম্পৰ্কত দীঘলীয়া বক্তব্য আগবঢ়ায় । ব্যক্তিৰ ব্যক্তিত্বৰ উন্নীতকৰণত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কতো বক্তব্য প্ৰদান কৰে ।

gimt

ইয়াৰোপৰি তেখেতে ব্যক্তি বিশেষৰ মনোযোগিতা, ইচ্ছা শক্তি, স্মৃতি শক্তি, মানসিক শক্তি বৃদ্ধি সম্পৰ্কত বিভিন্ন উপায় সম্পৰ্কেও বাখ্যা আগবঢ়ায়| লগতে বিভিন্ন উদ্গনিমূলক কাহিনী আৰু ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি উপস্থিতসকলক অনুপ্ৰেৰণা যোগাবলৈ এক দীঘলীয়া বক্তব্য আগবঢ়ায় । সামগ্ৰিকভাৱে ক'বলৈ গ'লে এক সুন্দৰঅাৰু মনোগ্ৰাহী অনুষ্ঠানৰ সাক্ষী হ'বলৈ পায় প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থী আৰু শিক্ষক সমাজ । পৰৱৰ্তী সময়তো জি আই এম টি তেজপুৰে এনেধৰণৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰিবলৈ আগ্ৰহী বুলি আশা প্ৰকাশ কৰে ।

Your Comments