কৃষি আইন স্থগিত ৰাখিবলৈ নিৰ্দেশ উচ্চতম ন্যায়লয়ৰ:গঠন কৰিলে সমিতিৰ

Pic

মঙলবাৰে উচ্চতম ন্যায়ালয়ে নতুন কৃষি আইন তিনিখন স্থগিত ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে।আদালতৰ পৰৱৰ্তী শুনানি হোৱালৈকে এই আইন তিনিখন প্ৰযোজ্য নহ’ব বুলি জনায় ন্যায়ালয়ে।এই আইনসমূহৰ বিষয়ে আলোচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন সমিতি গঠন কৰি দিছে। ন্যায়ালয়ে ভূপেন্দৰ সিং মান, কৃষি অৰ্থনীতিবিদ অশোক গুলাটী, ডা: প্ৰমোদ কুমাৰ যোশী (ৰাষ্ট্ৰীয় কৃষি গৱেষণা ব্যৱস্থাপনাৰ পূৰ্বৰ নিৰ্দেশক),অনিল ধনৱতক সমিতিৰ সদস্য হিচাপে নিয়োগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

Pic

কৃষক সংগঠনসমূহে সমিতি গঠনৰ ক্ষেত্ৰত বিৰোধ কৰিছিল যদিও শুনানিৰ সময়ত ন্যায়ালয়ে কয় যে ইয়াৰ বাবে এক অন্তৰ্কালীন আদেশ দিয়া হ’ব।

Your Comments