বঙাইগাঁৱত ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ পৰা চিলনী চোৰে কাঢ়ি নিলে ৭ লাখ ৯৪ হাজাৰ টকা 

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক,২৭ নৱেম্বৰঃ

বঙাইগাঁও চহৰৰ বৰপাৰাৰ ছহিদবেদীত আজি চিলনী চোৰে বেংকত জমা থবলৈ অহা ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ কৰ্মচাৰীৰ হাতৰ পৰা নগদ ৭ লাখ ৯৪ হাজাৰ টকা কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে ছহিদবেদীৰ শ্ৰী বজৰং ট্ৰেডিং কোম্পানী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ দুই কৰ্মচাৰীয়ে পুৱাৰ ভাগতে ওচৰতে থকা বেংক অৱ বৰোদাত ধনখিনি জমা থবলৈ গৈছিল ৷ কৰ্মচাৰী দুজনে মূল পথেৰে গৈ তাৰ পৰা বেংকলৈ যোৱা উপ পথেৰে যাবলৈ ধৰাৰ সময়তে তথা বেংকৰ নিচেই কাষ পোৱাৰ সময়তে দোকান এখনৰ সন্মুখত হঠাতে মটৰ চাইকেলত অহা চিলনী চোৰে কৰ্মচাৰী এজনৰ হাতত থকা টকাৰ বেগখন কাঢ়ি লৈ পলায়ন কৰে ৷ লগে লগে কৰ্মচাৰীজনে ধৰ ধৰ ,চোৰ চোৰ বুলি চিঞৰ - বাখৰ কৰে যদিও ইতিমধ্যে চিলনী চোৰে মটৰ চাইকেললৈ উধাও হৈছিল ৷ কৰ্মচাৰীজনে ঘটনাটো পুৱা ১০ঃ ৩০ মান বজাত সংঘটিত হয় বুলি জানিবলৈ দি কয় যে সদায় তেওঁ বেংকলৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ধন জমা থবলৈ যায় ৷ আজিও আন এজন কৰ্মচাৰীৰ সৈতে গৈছিল যদিও বেংকৰ কাষ পোৱাৰ সময়তে মটৰ চাইকেল লৈ অহা এজন যুৱকে হঠাতে ধনখিনি কাঢ়ি লৈ যায় ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ ইপিনে এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে কৰ্মচাৰী দুজন দোকানৰ সন্মুখত ৰৈ থকাৰ সময়তে মটৰ চাইকেল লৈ অহা দুৰ্বৃত্তই কৰ্মচাৰীজনৰ হাতৰ পৰা ধনখিনি কাঢ়ি নিয়ে ৷ কৰ্মচাৰীজনে ধৰ ধৰ বুলি চিঞৰে যদিও আমি একো টলকিবই নোৱাৰিলো বুলিও কয় ৷ মটৰ চাইকেলত অহা দুৰ্বৃত্তজনে ধনখিনি কাঢ়ি উপ পথটোৰেই পলায়ন কৰে বুলিও প্ৰকাশ কৰে ৷ ঘটনা সন্দৰ্ভত কৰ্মচাৰীজনে এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা হৈছে ৷ দিন-দুপৰতে এইদৰে ধন কাঢ়ি নিয়া ঘটনাই এতিয়া স্বাভাৱিকতে বেংকলৈ ধন জমা থবলৈ অহা আৰু ধন উলিয়াবলৈ অহাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷ প্ৰশ্ন উঠিছে আৰক্ষীৰ নিৰাপত্তাৰ দিশটোকলৈকো ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীও ঘটনাস্থলীত উপস্থিতহৈ ঘটনাৰ বুজ লয় ৷  

 

Your Comments