কাজিৰঙাত চলিছে অবৈধ পাহাৰ খনন:প্ৰাকৃতিক ভাৰাসাম্যতা হানি

Kaziranga Hill destroying

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত  অবাধ গতিত পাহাৰ খনন চলাৰ খবৰে বৰ্তমান সকলোকে হতচকিত কৰিছে ৷ পাহাৰ খন্দাৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা থকাৰ পিছতো একাংশ অসাধু ব্যৱসায়ীয়ে কাৰ্বি আংলঙৰ পাহাৰ খান্দি প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট কৰি তুলিছে।

২০১৯ চনত সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত থকা কাৰ্বি আংলঙৰ পাহাৰত কোনো ধৰণৰ খনন কাৰ্য চলাব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছিল, যাৰ ফলত বহু শিলৰ কুৱেৰী ইতিমধ্যে বন্ধ হৈ পৰিল।তাৰ মাজতো একাংশ  ব্যৱসায়ীয়ে মাটি যোগানৰ নামত চলাইছে অবৈধ পাহাৰ খনন কাৰ্য।ফলস্বৰূপে কাৰ্বি পাহাৰৰ টিলাসমূহ এফালৰপৰা ধ্বংস হোৱাৰ উপক্ৰম হৈছে।

যোৱা বৃহস্পতিবাৰৰ বিয়লি অবৈধভাৱে কাৰ্বি পাহাৰৰ পৰা মাটি কঢ়িয়াই অনা দুখন ডাম্পাৰ বনবিভাগে জব্দ কৰে।কাৰ্বি পাহাৰৰ  ডাম্পাৰ দুখন ওলাই অহাৰ বাটত কাজিৰঙাৰ গেলেকীত ‘AS 03 AC 1639’ আৰু ‘AS 05 C 4329’ নম্বৰৰ ডাম্পাৰ দুখন জব্দ কৰা হয় ৷ ইতিমধ্যে বাহন দুখনৰ চালকদ্বয়ক আৰক্ষীয়ে আটক কৰিছে।

Your Comments