মাজুলী আহি পোৱা ৰ'-পেক্স এতিয়াও অচল

Ro' Pex

পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চলিত বছৰৰে জুলাই মাহৰ শেষৰ ফালে ঘোষণা কৰিছিল মাজুলীৰ বাবে নতুনকৈ দুখন অতিৰিক্ত ৰ’-পেক্স দিয়াৰ কথা।কথা মতেই ২৩ অক্টোবৰত মাজুলী আহি পাইছিল ৰ’-পেক্স দুখন।কিন্তু সেই ৰ’-পেক্স দুখন আজি পৰ্যন্ত অচল হৈ আছে।

উল্লেখযোগ্য যে যোৱা ৩১ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ বিভিন্ন প্ৰান্তত নতুনকৈ সংযোজিত হ’ব লগা ৰ’-পেক্স সেৱাৰ লগতে অসমৰ যোৰহাট-মাজুলী সংযোগী আৰু গুৱাহাটীৰ বাবে দিয়া হোৱা ৰ’-পেক্স সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা আছিল।কিন্তু হৈ নুঠিল কোৱাৰ দৰে কথাবোৰ।ফলত যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে মাজুলীবাসী।

Your Comments