ঘগ্ৰাপাৰৰ দিহজাৰী গাঁও পঞ্চায়তত জল জীৱন মিছনৰ গাঁও সভা

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২২ নৱেম্বৰঃ 

নলবাৰী জনস্বাস্থ‍্য কাৰিকৰী বিভাগ সংমন্ডৰ উদ‍্যোগত আৰু জয়শ্ৰী স্বেচ্ছাসেৱী সংগঠনৰ সহাযোগত আজি ঘগ্ৰাপাৰ ব্লকৰ অন্তৰ্গত দিহজাৰী গাঁও পঞ্চায়তত জল  জীৱন মিছনৰ দ্বাৰা "গাঁও পানী আৰু অনাময় সমিতি" গঠনৰ উদ্দেশ্যেৰে এখন গাঁও সভা অনুষ্ঠিত কৰা হয়। দিহজাৰী গাঁও পঞ্চায়তৰ সভা গৃহত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে পঞ্চায়তখনৰ সভাপতি দীপক কলিতাই।সভাখনত  নলবাৰী জনস্বাস্থ‍্য কাৰিকৰী বিভাগ সংমন্ডৰ জিলা সমন্বয়ক( আই এফ এছ চি) ছুইটী তালুকদাৰ, ব্লক সমন্বয়ক শৈলেন বল্লভ শৰ্মা,স্বচ্ছগ্ৰাহী শ‍্যামন্ত শৰ্মা,প্ৰতুল চৌধুৰী আদিয়ে অংশগ্ৰহণ কৰি ২০২৪ চনৰ ভিতৰত প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াললৈ নলৰ দ্বাৰা পানী যোগানৰ কিদৰে ব‍্যৱস্থা কৰা হৈছে সেই সন্দৰ্ভত বিশদভাৱে ভাষণত সদৰি কৰে। সভাখনত অঞ্চলটোৰ পঞ্চায়তখনৰ সদস্য -সদস্যা,অংগনৱাড়ী কৰ্মী,আশা কৰ্মীকে ধৰি শতাধিক লোকে অংশগ্ৰহণ কৰে। উক্ত সভাতে প্ৰতিখন গাঁৱৰ বাবে গাঁও পানী আৰু অনাময় সমিতি একোখন গঠন কৰা হয়।উল্লেখ‍্য‍ যে এই কাৰ্যসূচী যোৱা ২ অক্টোবৰৰ পৰা নলবাৰী জিলাৰ সমান্তৰালভাবে ঘগ্ৰাপাৰ ব্লকতো চলি আছে বুলি জানিবলৈ দিয়ে।

Your Comments