ভাৰতত এইবাৰ ১৬০ কিলোমিটাৰৰ গতিবেগত চলিব দুই মহলীয়া ট্রেইন

Special train

এইবাৰ দুই মহলীয়া ট্রেইন চলোৱাৰ উদ্যোগ লোৱা হৈছে ভাৰতবৰ্ষৰ হাই স্পীড ৰুটত। ফলত সেই ডাব্‌ল ডেকাৰ ডবা বিশিষ্ট ট্রেইন ঘন্টাত ১৬০ কিলোমিটাৰ বেগত চলিবলৈ সক্ষম হ’ব ৷ তাত যাত্রীৰ সা-সুবিধাৰ কথা লক্ষ্যত ৰাখি অধিক সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

এই ট্রেইনৰ ডবা তৈয়াৰ কৰিছে কাপুৰথালাৰ ৰেল ডবা ফেক্টৰী(আৰ এফছি)। এই দুই মহলীয়া ট্রেইনত স্বয়ংক্রিয় স্লাইডিং দুৱাৰ, জিপিএছ ভিত্তিক পেচেঞ্জাৰ ইনফৰ্মেচন ছিষ্টেমৰ ব্যৱস্থা ৰখা হৈছে । তাত যাত্রী সুৰক্ষাৰ বাবে থাকিব চিচিটিভি আৰু স্ম’ক আৰু ফায়াৰ ডিটেক্‌চন ব্যৱস্থা।

এই দুই মহলীয়া ট্রেইনৰ ডবা ১২০খন আসনৰ ব্যৱস্থা কৰা হৈছে । যাৰ ভিতৰত ওপৰৰ মহলত ৫০খন আসন ৰখা হৈছে । তলৰ মহলৰ ব্যৱস্থা কৰা হৈছে ৪৮খন আসনৰ । ইয়াৰ মাজৰ একোটা অংশত বিশেষ ব্যৱস্থাৰে ২২ জন লোক বহিব পাৰিব।

ৰেল কৰ্তৃপক্ষৰ সূত্রই এই দুইমহলীয়া ট্রেইনৰ বিষয়টো সদৰি কৰিছে । এতিয়ালৈকে এই ট্রেইন কোন ৰুটেৰে চলিব সেই বিষয়ে কোনো কথা জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে কোন কোন ৰুটত চলিব পাৰে সেই বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছে বিভিন্ন মহলত । সেই ক্ষেত্রত যিহেতু বংগৰ বিধানসভাৰ নিৰ্বাচন সমাগত সেয়ে সকলোৱে বাট চাইছে জানিবলৈ পশ্চিমবংগৰ কোন ৰুটত এই দুই মহলীয়া ট্রেইন চলিব পাৰিব ।

Your Comments