আসন্ন প্রযুক্তিৰ যুগত ভৰি দিবলৈ প্রস্তুত ভাৰত:প্রধানমন্ত্রী

Modi

অনাগত তথ্য-প্ৰযুক্তিৰ যুগত দ্রুত গতিত আগবাঢ়ি ভৰি ৰাখিবলৈ প্রস্তুত ভাৰতবৰ্ষ । সর্বোত্তম দক্ষতাৰ ভাণ্ডাৰ আৰু বৃহত্তম বজাৰ থকাৰ বাবে এই পদক্ষেপ ভাৰতবৰ্ষৰ বাবে অনায়াসলব্ধ হ’ব । বৃহস্পতিবাৰে এই দাবী কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে । 

বেঙ্গালুৰু প্রযুক্তি সম্মিলনত বক্তব্য প্ৰদান কৰি মোদীয়ে কয় যে, ভাৰতৰ তৰুণ প্রজন্মৰ প্রতিভা আৰু প্রযুক্তিগত সম্ভাৱনা অন্তহীন। তেওঁলোকৰ বাবে নিজৰ সর্বস্ব দিয়াৰ আৰু তেওঁলোকক অনুপ্রাণিত কৰাৰ এয়াই হ’ল উচিত সময়। এই নৱ প্ৰজন্মই তথ্য প্রযুক্তিৰ ক্ষেত্রত দেশক গর্বিত কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

মোদীৰ মতে, স্থানীয় প্রয়োজনত দৰিদ্ৰসকলৰ বাবে আৱাস নির্মাণ ৰপৰা আৰম্ভ কৰি প্রতিৰক্ষাৰ ক্ষেত্রত গতিবেগ বৃদ্ধি, সকলোতেই  গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে প্রযুক্তিয়ে ৷ 

পাঁচ বছৰৰ আগতে উন্মোচিত ভাৰতবৰ্ষৰ 'ডিজিটেল ইণ্ডিয়া' অভিযানৰ কথা উল্লেখ কৰি মোদীয়ে কয়, ডিজিটেল বিভাজন আৰু মানৱ-কেন্দ্রিক পদক্ষেপৰ মাজত সেতু গঢ়ি তোলা সম্ভৱ হৈছে । 

Your Comments