নলবাৰীৰ পাইকাৰকুছিত অত্যাধুনিক জিম মুকলি

Nalbari

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ পূূব নলবাৰী অঞ্চলৰ পাইকাৰকুছিত ১৯ অক্টোবৰত এটা অত্যাধুনিক জিম মুকলি কৰে মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জনকাৰী শৰীৰ চৰ্চাবিদ গৌৰৱ শৰ্মাই।এই জিমত বিভিন্ন ধৰণৰ ন ন সঁজুলি উপলব্ধ।বিশিষ্ট যুৱ ব্যৱসায়ী অজয় বৰ্মনৰ নেতৃত্বত এই জিমটো পাইকাৰকুছি চ'কত মুকলি কৰে।ইফালে,জিম উদ্ধোধনী  অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক অশোক শৰ্মা,জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন, অসম ভলীবল সন্থাৰ সহকাৰী সম্পাদক দীপক দাস,বিশিষ্ট ব্যৱসায়ী নৃপেন দাসৰ লগতে কেইবাগৰাকীও লোক।আনহাতে,এই জিমটোত অতি কম মাচুলত পুৰুষ-মহিলা উভয়ে শৰীৰ চৰ্চা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

Your Comments