ডিৰাকৰ কেইজনমান প্ৰকৃতিপ্ৰমী যুৱকৰ প্ৰচেষ্টা আৰু ৰাইজৰ সপোন

ডিৰাকৰ কেইজনমান প্ৰকৃতিপ্ৰমী যুৱকৰ প্ৰচেষ্টা আৰু ৰাইজৰ সপোন

২নং সৰু ডিৰাকত কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকে গাঁৱত উপলব্ধ আম, কঁঠাল, জামু, মধুৰিআম ইত্যাদি ফল-মূলৰ পুলি-গুটি সংগ্ৰহ কৰি এখন নাৰ্ছাৰী সৃষ্টি কৰিছে ৷ ধ্বংসৰ গৰাহলৈ গতি কৰা কুমচাং বনাঞ্চলৰ জীৱ-জন্তু, চৰাই-চিৰিকটি যাতে ভৱিষ্যতে খাদ্যৰ অভাৱত নপৰে, তাৰবাবে এই প্ৰয়াস ৷

লক্ষ্য পৰ্যাপ্ত পৰিমাণে ফল-মূল ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু পৰ্যটনস্থলী ৰুপে গঢ়ি তোলা ৷ উল্লেখ্য যে কুমচাং বনাঞ্চলৰ কুহাৰি বিল, মিৰিজান আৰু হাতীঘুলিত দেশী-বিদেশী পৰিভ্ৰমী চৰাই (দেওহাঁহ, শেৱালিহাঁহ, ৰাজহাঁহ, ৰাংকং, ঘিলাহাঁহ, ডৰিক, হেতেকতেকীয়া) আৰু মিৰিজানত আপুৰুগীয়া শিল কাছও পোৱা যায় ৷

ডিৰাকৰ কেইজনমান প্ৰকৃতিপ্ৰমী যুৱকৰ প্ৰচেষ্টা আৰু ৰাইজৰ সপোন

হলৌ বান্দৰৰ আৱাসস্থল এই বনাঞ্চলত বাঘ, হৰিণ, বান্দৰ, গুঁই আদি বিদ্যমান ৷ এসময়ত আলফা আৰু সেনা-পুলিচৰ ৰণাঙ্গনৰ বাবে বিখ্যাত এই বনাঞ্চলৰ কাষৰীয়া গাওঁবোৰৰ যাতায়াত এতিয়াও দুৰ্গম যদিও বানপানীয়ে ধোৱা প্ৰকৃত গাঁৱলীয়া জীৱনৰ সংগ্ৰাম থমকি ৰোৱা নাই ৷

কাৰণ এই অঞ্চলটোৰ পৰাই উৎপাদিত থলুৱা অসমীয়া শাক-পাচলি তিনিচুকীয়া, দুলীয়াজান, ডিব্ৰুগড়, যোৰহাট, মাকুম, ডুমডুমা, ধলা, কাকপথাৰ আদি বজাৰৰ গ্ৰাহকে অপেক্ষা কৰি থাকে ৷

ইতিমধ্যে এই অঞ্চলটোৱে নেমুখেতিৰ অঞ্চল বুলি স্বীকৃতি পাইছে ৷ লগতে এই অঞ্চলৰ নেমু অসমৰ লগতে বহিঃৰাজ্যলৈও ৰপ্তানি হৈছে ৷ চৰকাৰৰ সাহায্য নোহোৱাকৈয়ে এই অঞ্চলটোৰ ৰাইজে ইমানখিনিলৈকে আগবাঢ়িছে যেতিয়া বাটপথৰ উন্নতি চৰকাৰে কৰি দিলে আৰু উন্নতি হোৱাৰ সম্ভাৱনা আছে ৷

ডিৰাকৰ কেইজনমান প্ৰকৃতিপ্ৰমী যুৱকৰ প্ৰচেষ্টা আৰু ৰাইজৰ সপোন

যিসময়ত অন্ধপ্ৰদেশৰ বিষাক্ত মাছেৰে বজাৰ ভৰি পৰিছে, সেই সময়ত মীন বিভাগে গুৰুত্ব দিলে এই অঞ্চলটোৱে মীন বিপ্লৱৰো সুচনা কৰিব পাৰিব ৷ লাগে মাথোঁ চৰকাৰৰ আন্তৰিক সদিচ্ছা ৷

নদিহিং নদীৰ পানী মীন পালন, জলসিঞ্চন আদিৰ বাবে ব্যৱহাৰৰ বাবে আঁচনি গ্ৰহণ কৰিলে কাকপথাৰৰ পৰা ডিৰাক গে'টলৈকে নদিহিং অভিশাপ ন'হৈ আশীৰ্বাদহে হৈ পৰিব ৷

নিভাঁজ অসমীয়াই বাস কৰা কাকপথাৰৰ পৰা ডিৰাক অঞ্চলটো হৈ পৰিব শাক-পাচলি, নেমু, মাছ, পৰ্যটন, বিভিন্ন শস্য উৎপাদনেৰে চহকী অঞ্চল ৷

Your Comments