হিমাৰ ঘৰত মন্ত্ৰী অতুল বৰা

হিমাৰ ঘৰত মন্ত্ৰী অতুল বৰা

'দৌৰ ৰাণী হিমা দাস আজি দেশৰে এক দূৰন্ত প্ৰতিভা । হিমা অকল অসমৰে নহয়, সমগ্ৰ দেশৰে গৌৰৱ । হিমাক লৈ আমি অত্যন্ত  আনন্দিত । হিমাই অলিম্পিকক লক্ষ্য কৰি আগবাঢ়ি যাওক।' -এই মন্তব্য ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ ।

দেওবাৰে বিয়লি ৩ বজাত  ধিঙৰ কান্ধুলীমাৰীৰ হিমা দাসৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী বৰাই পিতৃ ৰঞ্জিত দাস, মাতৃ জোনালী দাসৰ লগতে বৰদেউতাক তথা  বৰমাকক অভিনন্দন জ্ঞাপন কৰি একোখন ফুলাম গামোচা আৰু অভিনন্দন-পত্ৰ প্ৰদান কৰে ।

পাছত সাংবাদিকৰ লগত কথা-বতৰাত  মন্ত্ৰীগৰাকীয়ে কয় যে হিমাই আগন্তুক অলিম্পিকক লক্ষ্য হিচাপে লৈ আগবাঢ়ি যাব লাগে আৰু এইক্ষেত্ৰত হিমাই আমনি তথা অসুবিধা  নোপোৱাকৈ সকলোকে আগবঢ়ালৈ আহ্বান জনায় ।

উল্লেখ্য যে হিমাৰ পিতৃ এজন কৃষক হোৱা বাবে কান্ধুলীমাৰী অঞ্চলত ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়াৰ কথা ঘোষণা কৰে । মন্ত্ৰীগৰাকীৰ লগত দেৰগাঁৱৰ বিধায়ক ভবেন ভৰালী, অসম যুৱ পৰিষদৰ  সুনীল ডেকা, জিতু বৰগোহাঁই আদিয়ে সংগ দিয়ে ।

Your Comments