অসমীয়া জাতিৰ মাজত বিভাজনৰ ষড়যন্ত্ৰ চৰকাৰ-ৰাজনৈতিক লোকৰ- নেকিবুৰ জামান

অসমীয়া জাতিৰ মাজত বিভাজনৰ ষড়যন্ত্ৰ চৰকাৰ-ৰাজনৈতিক লোকৰ- নেকিবুৰ জামান

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উত্তৰ বঙাইগাঁওস্থিত অসম কৃষ্টি বিকাশ সংঘত অনুষ্ঠিত হয় ৷

অধিৱেশনত 'ডি' ভোটাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ আলচনা কৰা হয় ৷ ইপিনে অধিৱেশনৰ মুকলি সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিৱক্তা নেকিবুৰ জামানে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত গৰিয়া-মৰিয়াসকলক 'ডি' ভোটাৰ সজাই অযথা হাৰাশাস্তি কৰাৰ বাবে ক্ষোভ উজাৰে ৷

তেওঁ খিলঞ্জীয়া গৰিয়া-মৰিয়াসকলক 'ডি' ভোটাৰ সজালে কেতিয়াও সহ্য কৰা নহ'ব বুলিও কয় ৷ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে গৰিয়া-মৰিয়াসকল আজি সংকটৰ গৰাহত পৰা বুলি মন্তব্য কৰি এই সংকটকালত সকলোকে একত্ৰিত হৈ কাম কৰিবলৈকো আহ্বান জনায় ৷

লগতে গৰিয়া-মৰিয়াসকল বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি কৈ এই অসমীয়া জাতিৰ মাজত চৰকাৰ, ৰাজনৈতিক লোক আদিয়ে বিভাজন অনাৰ বাবে নিকৃষ্ট ষড়যন্ত্ৰ কৰি অহা বুলিও অভিযোগ কৰে ৷

সেয়ে বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰে গঠিত বৃহত্তৰ অসমীয়া জাতিটোক লৈ কৰা এনে ষড়যন্ৰক ওফৰাই পেলাব লাগিব বুলিও তেওঁ কয় ৷ তেওঁ এন আৰ চিৰ পৰা বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰা বুলিও ক্ষোভ প্ৰকাশ কৰে ৷

অসমীয়া জাতিৰ মাজত বিভাজনৰ ষড়যন্ত্ৰ চৰকাৰ-ৰাজনৈতিক লোকৰ- নেকিবুৰ জামান

ভাষণ প্ৰসংগত তেওঁ বিজেপি চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাত তীব্ৰ সমালোচনাও কৰে ৷ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য ইমৰান আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদে এন আৰ চিত খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷

আনহাতে, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে 'ডি' ভোটাৰ সজাই হাৰাশাস্তি কৰা গৰিয়া-মৰিয়া-দেশীসকলক 'ডি' ভোটাৰৰ পৰা মুক্ত কৰাৰ দাবীত অহা ১৩ ছেপ্টেম্বৰত গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত সংগঠনটোৱে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰে ৷

সভাত অসম আৰক্ষীৰ প্ৰাক্তন ডি আই জি আতাউল কৰিমে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে ৷ সেইদৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নুৰুল হকেও ভাষণ দাঙি ধৰে ৷

সভাত বঙাইগাঁও জিলা সমিতিৰ সভাপতি ফৰিজুল হক, উপ-সভাপতি হাছিবুল ইছলাম, সাধাৰণ সম্পাদক মইনুল হক চৌধুৰী আদি উপস্থিত থাকে । ইপিনে মুকলি সভাৰ পিছতে বিয়লি অনুষ্ঠিত হয় প্ৰতিনিধি সভা ৷

প্ৰতিনিধি সভাত জাকিৰ আলীক সভাপতি আৰু চৈয়দ নজমূল আলীক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২১জনীয়া সদস্যৰে বঙাইগাঁও আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয় ৷

উল্লেখ্য যে অধিৱেশন উপলক্ষে পুৱাৰ ভাগত সংগঠনটোৰ জিলা সভাপতি ফৰিজুল হকে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতে জিলা সমিতিৰ সাধাৰণ সম্পাদক হাছিবুল ইছলামে ছহিদ তৰ্পণ কৰে আৰু অসম কৃষ্টি বিকাশ সংঘৰ সভাপতি নীৰেন চন্দ্ৰ দাসে বন্তি প্ৰজ্জ্বালন কৰে ৷

গছপুলি ৰোপণ কৰে কোচ ৰাজবংশী জাতীয় মঞ্চৰ সভাপতি বিমল বৰ্মনে ৷

Your Comments