ঢলপুৰৰ ৰূপলিত বন বিভাগৰ সজাগতা সভা 

assam

লখিমপুৰ জিলা সামাজিক বনানীকৰণ বিভাগৰ উদ্যোগত কালি নাৰায়ণপুৰৰ ঢলপুৰ মৌজাৰ অন্তৰ্গত ১ নং ৰূপতলি নামঘৰত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ সমাজকৰ্মী ৰুদ্ৰেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা সামাজিক বনানীকৰণ বিষয়া জে বি নাথ,ৰেঞ্জাৰ পৱন শইকীয়া,সহকাৰী ৰেঞ্জাৰ ধনেশ্বৰ দাস, বিট অফিচাৰ বিনোদ চন্দ্ৰ দেউৰী আৰু সহকাৰী বিট অফিচাৰ বিজু বৰা আৰু মিত্র শৰ্মাৰ উপস্থিতিত ৰাইজৰ মাজত বিনামূলীয়া গছপুলি বিতৰণ কৰা হয় ৷ জেষ্ঠ নাগৰিক ক্ৰমে ক্ষীৰেশ্বৰ দাস, ভিভিৰাম হাজৰিকা,চেনিৰাম হাজৰিকা,উপেন নাথ আৰু থানেশ্বৰ দাসকে প্ৰমূখ্যে কৰি যথেষ্ট সংখ্যক লোক উপস্থিত থকা সভাখনত আজি বিতৰণ কৰা গছপুলি সমূহ আনি উপযুক্ত ঠাইত ৰোপন কৰি নিজ পুত্ৰ-কন্যাৰ দৰে ডাঙৰ দীঘল কৰিম আৰু ভবিষ্যতেও গাওঁখনৰ মুকলি ঠাইত গছপুলি ৰোপণ কৰি গাওঁখন সেউজীয়া কৰি ৰাখিম বুলি সকলোৱে শপত গ্ৰহণ কৰে ৷ আনহাতে উক্ত সজাগতা সভাখন আধ্যাত্মিক ভাৱধাৰাক ভেঙুচালী কৰি নামঘৰত চকী-টেবুলত বহি অনুস্থিত কৰাকলৈ সমগ্র অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ছ'চিয়েল মেডিয়াতো তীব্র সমালোচনা হোৱা পৰিলক্ষিত হৈছে ।

Your Comments