দৰমহা বিচাৰি আন্দোলন মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক

collage_rangia

 


মাদ্ৰাছাৰ অতিৰিক্ত ঠিকা ভিত্তিক শিক্ষকসকলক পাঁচ মাহৰ দৰমহা মোকলাই নিদিয়াৰ প্ৰতিবাদত মাদ্ৰাছা শিক্ষক সন্থাই শিক্ষক দিৱসৰ দিনা বৰ্জন কৰিব শিক্ষক দিৱস । 
অসম চৰকাৰে ২০১০ বৰ্ষত প্ৰত্যেক হাইস্কুলত অংক , ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান আদি বিষয়ত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক  নিযুক্তি দিছিল । লগতে একে নিৰ্দেশ মতে ছিনিয়ৰ মাদ্ৰাছাতো তিনিজনকৈ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিছিল ।

পৰিতাপৰ কথাটো হ’ল যে হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষক সকলক ইতিমধ্যে চৰকাৰে ৫ মাহৰ দৰমহা মোকলাই দিলে, কিন্তু বিভাগীয় কৰ্তৃপক্ষ আৰু শিক্ষাবিভাগৰ হেমাহিৰ বাবে ছিনিয়ৰ মাদ্ৰাছাত কৰ্মৰত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলে আজি ৬ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হবলগীয়া হৈছে ৷ শিক্ষামন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক লগ কৰাৰ পিছতো কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক কোনো ধৰণৰ সঁহাৰি নজনালে ৷

অহা ৫ চেপ্তেম্বৰৰ আগত ৰাজ্য চৰকাৰে  ছিনিয়ৰ মাদ্ৰাছাৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সকলৰ দৰমহা মোকলাই নিদিলে ঠিকাভিত্তিক শিক্ষক সকলে শিক্ষক দিৱস বৰ্জন কৰাৰ লগতে কলা বেজ পৰিধান কৰি দীঘলীপুখুৰিৰ পাৰত ধৰ্ণা কাৰ্য্যসূচীৰ কৰি শিক্ষাবিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি প্ৰতিবেদকক জানিবলৈ দিয়ে। মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক সকলৰ হৈ হেমেন পাটোৱাৰী,বাহাৰুল ইছলাম, ইকবাল হুছেইন চৌধুৰী, শ্বাহ আলম ছিদ্দিকী, নাজমিনা খাতুন, নজৰুল ইছলাম খান আৰু আমিৰ হুছেইন চৌধুৰীয়ে প্ৰতিবেদকক জানিবলৈ দিয়ে।

Your Comments