'হায়দৰাবাদ এফ চি'ৰ সৈতে চুক্তিবদ্ধ হ'ল অসমৰ হলিচৰণ নাৰ্জাৰী

Halicharan


ক'ৰ'না সংকটৰ মাজতে অসমৰ ফুটবল প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ।অসমৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ হলিচৰণ নাৰ্জাৰী বৃহস্পতিবাৰে চুক্তিবদ্ধ হ’ল আইএছএলৰ অন্যতম শক্তিশালী দল 'হায়দৰাবাদ এফ চি'ৰ সৈতে।টীম ইণ্ডিয়াৰ ছিনিয়ৰ দলৰ অভিজ্ঞ মিডফিল্ডাৰ তথা অসমৰ এগৰাকী সফল ফুটবলাৰ হলিচৰণ নাৰ্জাৰী দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছে আইএছএলৰ আগশাৰীৰ দলটোৰ সৈতে।উল্লেখযোগ্য যে ২০১০ চনৰ পৰাই খেলুৱৈগৰাকীয়ে ভাৰতীয় দলক  প্ৰতিনিধিত্ব কৰি আহিছে।আনহাতে,আইএচএলৰ পূৰ্বৰ চিজনসমূহতো অসমৰ খেলুৱৈগৰাকীয়ে গোৱা এফচি, নৰ্থ ইষ্ট ইউনাইটেড আৰু কেৰালা ব্লাষ্টাৰৰ হৈ দুভৰিৰ যাদুৰে ক্ৰীড়াপ্ৰেমীসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছিল।এইবাৰো কোকৰাঝাৰৰ সুযোগ্য সন্তান ২৬ বছৰীয়া হলিচৰণে আগন্তুক দুটা ছিজনত দক্ষতাৰে খেলিবলৈ সাজু হৈছে।

Your Comments