অসম চৰকাৰৰ বাৰ্তা লৈ স্বৰ্ণকন্যাৰ গৃহত জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষক

অসম চৰকাৰৰ বাৰ্তা লৈ স্বৰ্ণকন্যাৰ গৃহত জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষক

অসম মাতৃক বিশ্বৰ বুকুত জিলিকাই তোলা স্বৰ্ণকন্যাৰ জন্মভূমি উজ্জ্বলাই তুলিব এতিয়া ৰাজ্য চৰকাৰে । এই বাৰ্তা লৈ চৰকাৰৰ প্ৰতিনিধি হিচাপে হিমাৰ গৃহত উপস্থিত হ'ল নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি ৷

হিমাই সৰুতে খেলা তথা খেল আৰম্ভ কৰা ধিঙৰ ৩নং কান্ধুলিমাৰি গাঁৱৰ খেলপথাৰখনে পাব এক নতুন ৰূপ । হিমাৰ নিজৰ গাঁওখনৰ প্ৰতিটো পথতে জ্বলিব ষ্ট্ৰীট লাইট । আটকধুনীয়া হ'ব হিমাৰ গাঁৱৰ নামঘৰ ।

হিমাৰ ঘৰলৈ যাতায়াত ব্যৱস্থাও হ'ব বহু উন্নত । মুঠতে এক নতুন ৰূপত জিলিকি উঠাৰ পথত স্বৰ্ণকন্যা হিমাৰ নিজৰ ৩নং কান্ধুলিমাৰী গাঁওখন । ইণ্ডোনেছিয়াৰ জাকাৰ্টাত পদক লাভৰ হেট্ৰিকেৰে ইতিহাস ৰচিলে অসম কন্যা হিমা দাসে ।

হিমা দাসৰ সাফল্যত এতিয়া উৎফুল্লিত বৃহত্তৰ ধিংবাসীৰ লগতে সমগ্ৰ দেশবাসী । সেয়ে স্বৰ্ণকন্যা হিমাৰ এনে সাফল্যৰ স্বীকৃতি স্বৰূপে ৰাজ্য চৰকাৰে হিমাৰ জন্মস্থানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অত্যাধুনিক খেলপথাৰ নিৰ্মাণৰ পূৰ্ণ প্ৰস্তুতি চলাইছে ।

ইতিমধ্যে মুখ্য মন্ত্ৰীৰ নিৰ্দেশত হিমাৰ নিজৰ গাঁওখনত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ হিমাৰ মৰমৰ খেলপথাৰখন নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ।

উল্লেখ্য যে গেম ভিলেজ নিৰ্মাণৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ইতিমধ্যে ১২ বিঘা সত্ৰৰ ভূমি প্ৰদান কৰিছে যদিও খেলপথাৰখনৰ বাবে প্ৰয়োজন আৰু ৪ বিঘা মাটিৰ ।

কাজেই ৪ বিঘা মাটি হ'লেই ৰাজ্য চৰকাৰে অতি কম সময়ৰ ভিতৰতে খেলপথাৰখনৰ কামো সম্পূৰ্ণ ৰূপত সজাই তুলিবলৈ সক্ষম হ'ব বুলিও নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিছে ।

ইয়াৰ উপৰি অঞ্চলটোত আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । নগাঁও জিলা উপায়ুক্তগৰাকীয়ে বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, কেইবাজনো কনিষ্ঠ অভিযন্তাক লগত লৈ হিমাৰ গাঁৱৰ নামঘৰ আৰু খেলপথাৰখন পৰ্যবেক্ষণ কৰে ।

ৰাজ্য চৰকাৰৰ এই পদক্ষেপক সমগ্ৰ ধিংবাসীৰ লগতে হিমাৰ পৰিয়ালবৰ্গ আৰু গাঁওবাসীয়ে আদৰণি জনাইছে । আনহাতে, নগাঁও জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে হিমাৰ সফলতাত হিমাৰ ঘৰত উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Your Comments